ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pawan Khera controversy : উচ্চতম ন্যায়ালয়ত নাকচ পৱন খেৰাৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন

নিউজ ডেস্কঃ

News Desk by News Desk
April 17, 2026
Reading Time: 1 min read
A A
0
Pawan Khera controversy : উচ্চতম ন্যায়ালয়ত নাকচ পৱন খেৰাৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন

RELATED POSTS

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

New Logo Smal 1 | ASSAM TIMES POST

উচ্চতম ন্যায়ালয়ে (Suprem Court) বৃহস্পতিবাৰে কংগ্ৰেছ নেতা (Congress leader) পৱন খেৰা (Pawan Khera)ৰ অন্তৰ্ৱৰ্তীকালীন জামিন নাকচ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত তেওঁ পুনৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। তেওঁৰ আবেদন আছিল যে জামিনৰ সময়সীমা অন্ততঃ অহা মঙলবাৰলৈকে বৃদ্ধি কৰিব লাগে। তেওঁ কিয় এই আবেদন কৰিছে তাৰ কাৰণো উল্লেখ কৰে। কিন্তু কাম নহ’ল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই দাখিল কৰা মানহানিৰ গোচৰত পৱন খেৰাৰ আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। শীৰ্ষ ন্যায়ালয়ত খেৰাৰ আবেদন আছিল যে তেওঁৰ জামিনৰ সময়সীমা মঙলবাৰলৈ বৃদ্ধি কৰিব লাগে। কাৰণ অসমৰ আদালত সম্প্ৰতি বন্ধ।

আদালত খোলাৰ লগে লগে তেওঁ তাত আবেদন কৰিব। অৱশ্যে উচ্চতম ন্যায়ালয়ে কয় যে আগতীয়াকৈ জামিন আবেদন অসমৰ সংশ্লিষ্ট আদালতত দাখিল কৰিব লাগে। নথি-পত্ৰ আৰু তথ্য পৰীক্ষা কৰি অসমৰ আদালতে স্বতন্ত্ৰভাৱে নিৰ্দেশ দিব বুলিও আদালতে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ কোনো পৰ্যবেক্ষণৰ দ্বাৰা ইয়াত প্ৰভাৱ নপৰে বুলিও কয়। উচ্চতম ন্যায়ালয়ত পৱন খেৰাৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তা অভিষেক মনু সিংভীয়ে। তেওঁৰ জৰিয়তে আদালতত পৱন খেৰাৰ প্ৰশ্ন, “মই এজন কুখ্যাত অপৰাধী নেকি, যিয়ে এই সামান্য সুবিধা নাপাম?”

pawan 1 | ASSAM TIMES POST
উচ্চতম ন্যায়ালয়ত নাকচ পৱন খেৰাৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন

তেওঁ লগতে কয় যে তেওঁৰ ক্লায়েণ্টে দাখিল কৰা নথি-পত্ৰত কিছু ভুল হৈছে। ইয়াৰ বাবেই শীৰ্ষ আদালতে তেলেংগানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা আগতীয়া জামিন নাকচ কৰে। পৱন খেৰাৰ মতে, “খৰখেদাকৈ তেলেংগানা আদালতত আবেদন দাখিল কৰা হয়। অৱশ্যে প্ৰশ্নোত্তৰৰ সময়ত এই বিষয়টো উত্থাপন কৰা হয়। পিছত শুদ্ধ নথি-পত্ৰও দাখিল কৰা হয়।” পৱন খেৰাৰ অধিবক্তাই দাবী কৰে যে তেওঁলোকে কোনো ধৰণৰ প্ৰৱঞ্চনা কৰা নাই। প্ৰকৃত ভুল আছিল। সেই ‘সৰু ভুল’ৰ বাবে ব্যক্তিগত স্বাধীনতা কৰ্তন কৰা উচিত নহয়।

উল্লেখ্য যে পৱন খেৰাৰ এক মন্তব্যৰ পৰাই বিতৰ্ক আৰম্ভ হয়। যোৱা দেওবাৰে দিল্লীত এক সংবাদমেলত কংগ্ৰেছৰ জনসংযোগ বিভাগৰ অধ্যক্ষগৰাকীয়ে অভিযোগ কৰিছিল যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ তিনিখন বিদেশী পাছপ’ৰ্ট, ডুবাইত সম্পত্তি আৰু আমেৰিকাত কোম্পানীত বৃহৎ বিনিয়োগ আছে। উক্ত মন্তব্যৰ পিছতে ৰিণিকি ভূঞা শৰ্মাই মানহানিৰ গোচৰ তৰে। ইয়াৰ পিছত পৱন খেৰাই তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ১০ এপ্ৰিলত তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদনৰ ভিত্তিত তেওঁক এসপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। অসমৰ আদালতত আবেদন নকৰি তেলেংগানাত এই আবেদনৰ কোনো ন্যায্যতা নাই বুলি তেওঁলোকে যুক্তি আগবঢ়ায়। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ আবেদন স্থগিত ৰাখে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PawanKhera
Share4Tweet3Send

Related Posts

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

by News Desk
August 25, 2026
51
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

by News Desk
August 25, 2026
51
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
58
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
ADVERTISEMENT
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
57
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

August 26, 2026
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d