
ছত্তীশগড়ৰ শক্তি জিলাৰ বেদান্ত গ্ৰুপৰ তাপ শক্তি কেন্দ্ৰৰ বয়লাৰ বিস্ফোৰণত (Chattisgarh Blast) মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে। ২২ জন আহত শ্ৰমিক আৰু কৰ্মচাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

এই তথ্য মঙলবাৰে নিশা সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰে। বয়লাৰ ৰুমৰ দুৰ্ঘটনাস্থলীত আৰু কিছু শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰিছে আৰক্ষীয়ে।
ফলত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। প্ৰাথমিক তথ্য অনুসৰি, মঙলবাৰে বিয়লি শক্তি জিলাৰ সিংহিতৰাই গাঁৱৰ বেদান্ত লিমিটেড বিদ্যুৎ কেন্দ্ৰৰ বয়লাৰ টিউবত বিস্ফোৰণ সংঘটিত হয়।
জিলা আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, এই খবৰ পোৱাৰ লগে লগে স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে। জিলা আৰক্ষী অধীক্ষক প্ৰফুল্ল ঠাকুৰে মঙলবাৰে নিশা কয়, “৪ শ্ৰমিকৰ থিতাতে মৃত্যু হয়, বাকী ৭ জনৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।”
ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেও সাইয়ে এই বিস্ফোৰণক অত্যন্ত মৰ্মান্তিক বুলি অভিহিত কৰি কয়, “আমাৰ চৰকাৰ মৃতকৰ পৰিয়ালৰ লগত আছে।
বিস্ফোৰণৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত কৰা হ’ব আৰু এই মৰ্মান্তিক ঘটনাৰ বাবে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” আনহাতে, বেদান্ত কৰ্তৃপক্ষই দাবী কৰিছে যে তেওঁলোকে পোনপটীয়াকৈ বয়লাৰ ৰুমটো পৰিচালনা নকৰে।
কোম্পানীটোৱে এক বিবৃতিত কয়, “আমাৰ সিংগিটাৰাই প্লাণ্টৰ এটা বয়লাৰ ইউনিটত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক কাণ্ড। তাত আমাৰ উপ-ঠিকাদাৰ এন জি এছ এলৰ (এন টি পি চি জি ই পাৱাৰ ছাৰ্ভিচেজ লিমিটেড) কৰ্মচাৰীয়ে কাম কৰি আছিল। তেওঁলোকেই ইউনিটটো চলাইছিল আৰু ৰক্ষণাবেক্ষণ কৰিছিল।”
বেদান্তই ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰাৰ লগতে আহতসকলৰ সৰ্বোত্তম চিকিৎসা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিও দিছে।











