ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home cultural

Bohag Bihu 2026 : জুবিনবিহীন প্ৰথম ব’হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া

কামৰুল খান :

ASSAM TIMES POST by ASSAM TIMES POST
April 14, 2026
Reading Time: 1 min read
A A
0
Bohag Bihu 2026 : জুবিনবিহীন প্ৰথম ব’হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

Eid al-Fitr : মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ

Assam Government’s Commitment to Tiwa Culture Takes Center Stage at 13th Central Session

“অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো; তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি, নেপাতি কেনেকৈ থাকোঁ…” সঁচাকৈয়ে, চেনেহৰ ব’হাগৰ বিহুটি নেপাতি কেনেকৈ থাকিব পাৰে অসমীয়াই! কিন্তু এইবাৰ ব’হাগ আহিছে মন ৰঙীন কৰিবলৈ নহয়, বিষাদৰ গধূলি হৈ। কিয়নো এইবাৰ যে নাই বিহুৰ ৰজা, ব’হাগৰ সম্ৰাট, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। জুবিন গাৰ্গবিহীন এইবাৰ প্ৰথম ব’হাগ। অসমৰ প্ৰতিখন বিহু মঞ্চ, বিহুৰ আনন্দ, বিহুৰ মাদকতা অপূৰ্ণ হৈ থাকিব প্ৰতিগৰাকী বিহুবলীয়া ৰাইজৰ বাবে।

 জুবিনবিহীন প্ৰথম ব'হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া
জুবিনবিহীন প্ৰথম ব’হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া

মঞ্চত নাথাকিব জুবিন গাৰ্গৰ সেই চিৰ পৰিচিত আবেদন, নাথাকিব তেওঁৰ তিতা-মিঠা সোৱাদযুক্ত বিহুৰে বিৰিণা পলবোৰ।কিন্তু তথাপি ব’হাগ আহিছে, আহিবই। কাৰণ, ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় এটি মাহ; অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণ জীৱনৰ সাহ। আৰু সেয়ে প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰাৰ মাজতে, তেওঁৰ স্মৃতিবোৰ ৰোমন্থন কৰি বিহু পালন কৰিব, জুবিন গাৰ্গক জীৱন্ত কৰিবলৈ চেষ্টা কৰিব। এয়াই হৈছে ব’হাগ বিহুৰ মহত্ত্ব, অসমীয়া জাতি সত্তা।

ব’হাগ বিহু হৈছে অসমীয়া চহা প্ৰাণৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। প্ৰকৃতিয়ে সজল ৰূপ ধাৰণ কৰি ধৰাৰ বুকু শস্য শ্যামলা কৰাৰ বতৰা লৈ আহে ব’হাগ। ব’হাগ মানে সৃষ্টি-কৃষ্টিৰ ভঁৰাল, ব’হাগ মানে যৌৱনৰ মতলীয়া বা, ব’হাগ মানে প্ৰতিশ্ৰুতি আৰু মিলনৰ এক মঞ্চ।
নিৰ্বাচনৰ ব্যস্ততা কাটি কৰি থৈ ডেকা-ডেকেৰীসকল সাজু হৈছে বিহুৰ গিৰিপত ধৰিত্ৰীক আবেদনময়ী কৰিবলৈ, মঞ্চ কঁপাবলৈ।

ঢুলীয়াৰ ঢোলৰ গর্জন, পেঁপুৱাৰ পেঁপাৰ লহৰ, তিহিটি বাঁহীটিৰ সুৰত নাচনীয়ে টাকুৰি ঘূৰাদি ঘূৰিব। বিশ্ব কৃষ্টিৰ অন্যতম উপাদান বিহুক বিশ্ব মঞ্চলৈ নিয়াৰ প্ৰয়াস কৰিব।
ইয়াৰ মাজতে চেনেহৰ বাণীৰে আৰু মৰমৰ দীঘেৰে আমাৰ তাঁতশালত জীৱনৰ সপোন ৰচা শিপিনীসকলে বৈ উলিওৱা গামোচাৰে বিহুৱান যাচিব। সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ লোৱাৰ বিপৰীতে জ্যেষ্ঠসকলেও কনিষ্ঠসকলক সুভাশিস প্ৰদান কৰিব। আনহাতে, প্ৰিয়জনে মৰম নিবেদন কৰিব।

যি কি নহওক, ব’হাগ বিহু হৈছে এক সমন্বয়ৰো উৎসৱ। কাৰণ বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰাৰে ব’হাগ বিহু উদযাপন কৰে। ইয়াত ফুটি ওলায় সমন্বয় আৰু সংস্কৃতিৰ মেটমৰা সম্ভাৰৰ বিচিত্ৰতা।

আহক এই ব’হাগত আমি জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৰণ কৰাৰ লগতে তেওঁ দেখুৱাই যোৱা আদৰ্শৰ বাটত খোজ দিবলৈ অংগীকাৰবদ্ধ হওঁ। এখন ভেদাভেদহীন সমাজৰ ভেটি স্থাপন কৰো। এখন বৈষম্যহীন সমাজৰ বাবে সংকল্পবদ্ধ হওঁ।

Tags: আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়াজুবিনবিহীন প্ৰথম ব'হাগ আৰু ৰঙালীৰ ৰং
Share4Tweet3Send

Related Posts

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
Eid al-Fitr : মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ
cultural

Eid al-Fitr : মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ

by ASSAM TIMES POST
March 31, 2025
50
Assam Government’s Commitment to Tiwa Culture Takes Center Stage at 13th Central Session
Assam

Assam Government’s Commitment to Tiwa Culture Takes Center Stage at 13th Central Session

by ASSAM TIMES POST
March 23, 2025
50
Celebrating Heritage: The Grand Inauguration of the 51st Karbi Youth Festival at Karbi People’s Hall, Taralangso
cultural

Celebrating Heritage: The Grand Inauguration of the 51st Karbi Youth Festival at Karbi People’s Hall, Taralangso

by ASSAM TIMES POST
February 16, 2025
50
The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:
ALL NEWS

The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:

by ASSAM TIMES POST
February 14, 2025
50
Assam Silpi Award 2025 I ২০২৫ বৰ্ষৰ বাবে অসম চৰকাৰৰ শিল্পী বঁটা ঘোষণা
cultural

Assam Silpi Award 2025 I ২০২৫ বৰ্ষৰ বাবে অসম চৰকাৰৰ শিল্পী বঁটা ঘোষণা

by Staff Reporter
January 5, 2025
50
ADVERTISEMENT
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
50
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx