
নিৰ্বাচনী পৰিৱেশৰ মাজতে বুধবাৰে ছিংগাপুৰ আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু (Mysterious death of Jubeen Garg) গোচৰৰ ৰায়দান কৰে। উক্ত ৰায়দানত জুবিনৰ মৃত্যুক লৈ কোনোধৰণৰ অস্বাভিৱকতা নাই বুলি উল্লেখ কৰে কৰ’নাৰ্ছ আদালতে। লগতে কয় যে এয়া কোনো হত্যাকাণ্ড নহয় বা ইয়াত কোনো ষড়যন্ত্ৰও নাই। অৱশ্যে মৃত্যুৰ সময়ত জুবিন গাৰ্গ সুৰামত্ত অৱস্থাত আছিল বুলি উল্লেখ কৰি কয় যে তেওঁৰ মৃত্যু পানীত ডুব যোৱাৰ বাবে হৈছে। ইয়াৰ পিছত ছিংগাপুৰ আদালতৰ ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। নগাঁৱত এক নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচনৰ পাছত জুবিন গাৰ্গৰ অভিযোগনামাখন সন্দৰ্ভত আলোচনা কৰা হ’ব৷

আনহাতে, ছিংগাপুৰৰ ৰায়দান আৰু অসম আৰক্ষীৰ অভিযোগনামাৰ মাজত পাৰ্থক্য নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰেও কৈছে মদ খাইছিল হয়, কিন্তু খুৱাই দিয়া হৈছিল৷ ছিংগাপুৰ আদালতে জুবিনৰ দেহত ৩৮০ মিঃলিঃ সুৰা পোৱা যোৱা কথাটো উল্লেখ কৰি কয় যে আমিও সেই কথাই কৈছোঁ৷ লগতে কয় যে ছিংগাপুৰে কোৱাৰ দৰে আমিও কৈছোঁ যে আগদিনা ৰাতিৰ পৰাই তেওঁক খুৱাইছে৷ লগতে কয় যে অমৃতপ্ৰভাই ষড়যন্ত্ৰমূলকভাৱে ৰাতিৰ পৰাই তেওঁক মদ খুৱাইছিল৷













