
অন্ধ্ৰপ্ৰদেশৰ দুৰ্নীতি নিবাৰক ব্যুৰোৱে (এচিবি) অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে এগৰাকী চৰকাৰী বিষয়াক। জানিব পৰা মতে, যোৱা ৭ এপ্ৰিলত ৰাজ্যখনৰ এনডাউমেণ্ট বিভাগৰ সহকাৰী আয়ুক্ত কালিংগিৰি সন্থীক বিজয়ৱাড়াস্থিত ঘৰৰ পৰা এচিবিয়ে গ্ৰেপ্তাৰ কৰে ।

দীৰ্ঘদিন ধৰি কালিংগিৰিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছিল। নিৰ্ভৰযোগ্য উৎসৰ পৰা পোৱা তথ্যৰ ভিত্তিত অনুসন্ধান চলাই মঙলবাৰে দুৰ্নীতি নিবাৰক ব্যুৰোৰ বিষয়াসকলে কালিংগীৰ কেইবাটাও ঠিকনাত তালাচী চলায়।
মাতৃৰ মালিকানাধীন কাপোৰৰ দোকান বিজয়ৱাড়াত থকা চৰকাৰী বিষয়াগৰাকীৰ ফ্লেট, কালিংগিৰিৰ পূৰ্বপুৰুষৰ ঘৰ আৰু ভগ্নীৰ ঘৰতো তালাচী চলায় এচিবিয়ে। ইয়াৰ উপৰি এচিবিৰ বিষয়াসকলে বিশাখাপট্টনমৰ আন কেইবাটাও স্থানত তালাচী চলাই আছে।
এচিবিৰ সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা দুদিন ধৰি চলি থকা তালাচী অভিযানত কালিংগিৰিৰ কোটি কোটি টকাৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তি উদ্ধাৰ হৈছে।
বিশাখাপট্টনমৰ এটা ফ্লেট আৰু বিজয়াৱাড়াৰ আন এটা ফ্লেটৰ পৰা লাখ লাখ টকাৰ নগদ ধন, সোণ-ৰূপৰ গহনা, লগতে কেইবাটাও সম্পত্তিৰ নথি উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি এচিবিয়ে কালিংগিৰিৰ কেইবাটাও ঠিকনাৰ পৰা কেইবাখনো দামী গাড়ী আৰু বাইক জব্দ কৰিছে।
অৱশ্যে তদন্তকাৰীৰ মতে এই সম্পত্তি ইয়াতেই শেষ নহয়। চৰকাৰী বিষয়াগৰাকীৰ বেনামী সম্পত্তি আৰু অধিক আছে। সেই সম্পত্তিসমূহৰ সন্ধান চলি আছে। ২০২০ চনত অন্ধ্ৰপ্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কালিংগিৰিয়ে প্ৰথমে বিশাখাপট্টনমত আৰু পিছলৈ বিজয়াৱাড়াত চাকৰি কৰে।











