
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা (Riniki Bhuya)ৰ পাছপ’ৰ্ট বিতৰ্ক (Passport controversy)ই নতুন ৰূপ (New form) লৈছে। মঙলবাৰে অসম আৰক্ষী (Assam Police)ৰ এটা দল দিল্লীস্থিত কংগ্ৰেছ নেতা পৱন খেৰাৰ বাসগৃহত (Pawan Khera’s residence) উপস্থিত হয়। চাৰিজনীয়া এটা দল কংগ্ৰেছ নেতাগৰাকীৰ নিজামুদ্দিনস্থিত বাসগৃহত উপস্থিত হয়। দিল্লী আৰক্ষীয়ে অসম আৰক্ষীক সহায় কৰিছে। জানিব পৰা মতে, আজি অসম আৰক্ষী খেৰাৰ ঘৰত উপস্থিত হোৱাৰ সময়ত পৱন খেৰা তাত নাছিল। আৰক্ষীয়ে তেওঁৰ বাবে অপেক্ষা কৰি আছে।
উল্লেখ্য যে দেওবাৰে খেৰাই সংবাদমেলত দাবী কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখন পাছপ’ৰ্ট আছে। কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁৰ নামত বিদেশত সম্পত্তি থকাক লৈ প্ৰশ্ন উত্থাপন কৰে। সংযুক্ত আৰব আমিৰশ্বাহী, এণ্টিগুৱা আৰু বাৰবুডা তথা ইজিপ্তৰ পাছপ’ৰ্ট হিমন্ত পত্নীৰ নামত থকা বুলি দাবী কৰে পৱন খেৰাই। তেওঁ লগতে অভিযোগ কৰে যে ৰিণিকি ভূঞাৰ ডুবাইত একাধিক স্থাৱৰ সম্পত্তি আৰু আমেৰিকাত এটা কোম্পানী আছে, যিটোৰ কথা নিৰ্বাচনী শপতনামাত উল্লেখ কৰা হোৱা নাছিল।

নিৰ্বাচন আয়োগৰ পৰা তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে ৰিণিকি ভূঞাৰ মনোনয়ন বাতিলৰ দাবী জনাইছে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ এই অভিযোগৰ প্ৰতি সঁহাৰি জনাইছে। কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপন কৰা অভিযোগক ‘মিছা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ বুলি তেওঁ খাৰিজ কৰে। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো সকীয়নি দিয়ে। ইয়াৰ পিছতে মঙলবাৰে অসম আৰক্ষীয়ে পৱন খেৰাৰ দিল্লী বাসগৃহত উপস্থিত হয়।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁৰ পত্নীয়ে তথাকথিত ভুৱা অভিযোগৰ বাবে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। তেওঁ কয়, “কালি মোৰ পত্নীয়ে এফ আই আৰ দাখিল কৰিছিল আৰু মই নিশ্চিত যে আৰক্ষীয়ে আইনৰ উপযুক্ত ধাৰাত গোচৰটো পঞ্জীয়ন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।”
শেহতীয়াকৈ কংগ্ৰেছৰ সংবাদমেলত ব্যৱহৃত বিভিন্ন বিষয় পাকিস্তানী ছ’চিয়েল মিডিয়া গ্ৰুপৰ পৰা সংগ্ৰহ কৰা আৰু নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ উদ্দেশ্যেৰে ব্যৱহাৰ হ’ব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে।
আনহাতে, ৰিণিকি ভূঞা শৰ্মাই একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তিৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰি অভিযোগ খাৰিজ কৰিছে। তেওঁ কয়, “ভাৰতে দ্বৈত নাগৰিকত্বৰ অনুমতি নিদিয়ে আৰু কংগ্ৰেছে মোৰ তিনিখন পাছপ’ৰ্টৰ কথা কৈছে।” লগতে শৰ্মা পৰিয়ালক বদনাম কৰিবলৈ ৰচনা আৰু ডিজিটেলভাৱে বিকৃত বিষয় ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে তেওঁ।












