
এগৰাকী অধ্যাপকৰ সৈতে তেওঁ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছিল। কলেজত তেওঁৰ লগত কথা পাতিছিল। কিন্তু তেওঁৰ সহপাঠীসকলে কলেজত অধ্যাপকজনৰ সৈতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীৰ এই মিলামিছা বেলেগ ধৰণেৰে বিয়পাই দিয়ে।

তেতিয়াৰে পৰাই ছাত্ৰীগৰাকী বিচলিত হৈ পৰে। অভিযোগ অনুসৰি, তেওঁক দেখাৰ লগে লগে অধ্যাপকজনৰ নাম উল্লেখ কৰি বিভিন্ন ধৰণে কটুক্তি কৰা হৈছিল। অৱশেষত নিৰ্যাতনৰ বলি হৈ কৰ্ণাটকৰ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যা (Suicide) কৰে।
আৰক্ষীয়ে জনোৱা মতে, মৃত ছাত্ৰীগৰাকীৰ নাম নিকিতা এম ইউ। কৰ্ণাটকৰ মাল্লাদিহালীৰ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ছাত্ৰী আছিল তেওঁ। কলেজৰ অধ্যাপকগৰাকীৰ লগত নিকিতাৰ ভাল সম্পৰ্ক থকাৰ দাবী তেওঁৰ পিতৃৰ। দুয়োৱে অধ্যয়নৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছিল।
কিন্তু একাংশ সহপাঠীয়ে সেই সম্পৰ্কক লৈ উৰাবাতৰি বিয়পাই দিয়ে। বিষয়টো জানিবলৈ পোৱাৰ পিছত তেওঁৰ কন্যা বৰ বিচলিত হৈ পৰে। নিকিতাৰ পিতৃয়ে লগতে অভিযোগ কৰে যে তেওঁৰ কন্যাৰ কাউন্সেলিঙো কৰা হৈছিল, যাতে তেওঁ পঢ়া-শুনাত মনোনিৱেশ কৰিব পাৰে।
কিন্তু নিকিতাই বাৰে বাৰে হাৰাশাস্তি কৰা বিষয়টো একেবাৰে মানি ল’ব পৰা নাছিল। ইয়াৰ পিছত বুধবাৰে নিকিতাৰ মৃতদেহ কোঠাৰ পৰা উদ্ধাৰ কৰে। নিকিতাৰ কলেজীয়া সহপাঠীৰ একাংশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।











