
আধুনিক সমাজ আৰু সভ্যতাৰ বাবে এক কলঙ্ক সদৃশ ঘটনা পোহৰলৈ আহিছে ঝাৰখণ্ডৰ হাজৰিবাগ জিলা (Hazaribagh district of Jharkhand)ৰ পৰা। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ (Superstition and blind faith) চৰম সীমা অতিক্ৰম কৰি ১৩ বছৰীয়া কন্যা সন্তানক ‘মানৱ বলিদান’ৰ (Human sacrifice) অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নিজৰেই মাতৃ, তেওঁৰ প্ৰেমিক আৰু এগৰাকী তান্ত্ৰিকক। এই আসুৰিক ঘটনা ২৪ মাৰ্চৰ নিশা হাজৰিবাগৰ কুসুম্ভা গাঁৱত সংঘটিত হয়।
ৰাম নৱমী মংগলা শোভাযাত্ৰাৰ সময়তে এই ঘটনা আৰম্ভ হয়। সেইদিনা সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী। পিছদিনা পুৱা গাঁৱৰ এখন স্থানীয় মধ্যবিদ্যালয়ৰ পিছফালে থকা বাঁহনিৰ পৰা তেওঁৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হয়। প্ৰথম অৱস্থাত ধনেশ্বৰ পাছৱান নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে মাতৃয়ে। কিন্তু আৰক্ষীৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে দেখা গ’ল যে প্ৰকৃত দোষী কোনো বাহিৰৰ মানুহ নহয়, অভিযোগকাৰী নিজেই। ঝাৰখণ্ড আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে ঘটনাৰ গভীৰতালৈ যোৱাৰ সময়ত উন্মেষ ঘটে অন্ধবিশ্বাসৰ এক ভয়ানক ছবি। আৰক্ষীৰ তদন্তত জানিব পৰা মতে, বিগত তিনিমাহ ধৰি ছোৱালীজনীৰ মাতৃৰ সংস্পৰ্শত আছিল শান্তি দেৱী নামৰ এগৰাকী তান্ত্ৰিক। তান্ত্ৰিক মহিলাগৰাকীয়ে তেওঁক পতিয়ন নিয়াইছিল যে পুত্ৰৰ দীৰ্ঘদিনীয়া অসুস্থতা আৰু পৰিয়ালটোৰ চৰম দুৰ্দশাৰ বাবে ‘মানৱ বলিদান’ আগবঢ়োৱাৰ বাহিৰে আন কোনো উপায় নাই। আৰু সেই বলিদানৰ বাবে এগৰাকী ‘কুমাৰী ছোৱালী’ৰ প্ৰয়োজন আছিল। পিছত খোদ মাতৃয়ে তান্ত্ৰিকৰ বুজনিত গৰ্ভজাত সন্তানক বলি দিবলৈ সিদ্ধান্ত লয়। আনকি দুৰ্গাষ্টমীৰ দিন ৰাম নৱমীত এই আসুৰিক কাৰ্যৰ বাবে বাছনি কৰা হৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাৰ নিশা প্ৰেমিক ভীম ৰামৰ সৈতে ছোৱালীজনীৰ মাতৃয়ে পূজাৰ অজুহাতত তান্ত্ৰিকৰ ঘৰলৈ লৈ যায়। প্ৰাৰম্ভিক জেৰাৰ অন্তত জানিব পৰা মতে, তাতে মাজনিশা তেওঁক এখন নিৰ্জন বাঁহনিলৈ লৈ যোৱা হয়। তাতেই সংঘটিত হৈছিল অত্যাচাৰ। আৰক্ষীয়ে জনোৱা মতে, ভীম ৰামে যেতিয়া নাবালিকাগৰাকীক ডিঙি চেপি হত্যা কৰিছিল তেতিয়া মাতৃয়ে নিজেই কন্যাৰ ভৰি দুখন ধৰি ৰাখিছিল যাতে তেওঁ লৰচৰ কৰিব নোৱাৰে। তান্ত্ৰিকৰ নিৰ্দেশ অনুযায়ী তেজ সংগ্ৰহৰ বাবে ছোৱালীজনীৰ ওপৰত অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱা হয়। মূৰত আঘাত কৰি ৰক্তক্ষৰণ কৰা হয়। কাম শেষ হোৱাৰ পিছত মৃতদেহটো তাতেই এৰি পলাই যায়।
ইতিমধ্যে আৰক্ষীয়ে মাতৃ, প্ৰেমিক ভীম ৰাম আৰু তান্ত্ৰিক শান্তি দেৱীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে, ধৃত ভীম ৰামৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও নিজৰ পেহীয়েক আৰু আন এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। হাজৰিবাগ জিলা আৰক্ষীয়ে এই ঘটনাক অন্ধবিশ্বাসৰ চৰম আৰু ভয়ানক নিদৰ্শন বুলি অভিহিত কৰিছে। বিজ্ঞানৰ যুগতো এই ঘটনাই আকৌ এবাৰ দেখুৱাইছে যে মানুহৰ মনত কিমান গভীৰভাৱে শিপাই আছে অন্ধবিশ্বাস।











