
ইৰাণক ‘প্ৰস্তৰ যুগ’লৈ প্ৰেৰণ (Iran War) কৰাৰ ভাবুকি দিয়াৰ কিছু সময়ৰ পাছতে তেহৰাণৰ ওচৰত এক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে আমেৰিকাই। ইজৰাইল-আমেৰিকাৰ যৌথ আক্ৰমণত মধ্য এছিয়াৰ সৰ্বোচ্চ আৰু বৃহৎ দলংখন ভাঙি পৰে।

এই ঘটনাত কেইবাজনো সাধাৰণ নাগৰিক আহত হোৱা বুলি জানিব পৰা গৈছে। ৰাজধানী তেহৰানক পশ্চিম চহৰ কাৰাজৰ সৈতে সংযোগ কৰিবলৈ ১৩৬ মিটাৰ উচ্চতাৰ এখন বিশাল দলং নিৰ্মাণ কৰা হৈছিল। প্ৰযুক্তিৰ জগতখনত ইয়াক পশ্চিম এছিয়াৰ অন্যতম আশ্চৰ্য হিচাপে দেখা যায়।
কিন্তু হঠাৎ বিমান আক্ৰমণৰ ফলত এতিয়া ধ্বংসস্তূপত পৰিণত হৈ পৰিছে ‘বি-১’ দলংখন। ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে প্ৰথম আক্ৰমণৰ পিছত উদ্ধাৰকাৰী দলটোৱে উক্ত স্থানত উপস্থিত হোৱাৰ ঠিক সময়তে শত্ৰু দেশখনে দ্বিতীয়বাৰৰ বাবে আক্ৰমণ চলাইছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই ধ্বংসৰ ছবি পোষ্ট কৰি কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।
তেওঁ লিখিছে, “ইৰাণৰ আটাইতকৈ ডাঙৰ দলংখন ধূলিত মিহলি হৈ গৈছে। ইয়াক আৰু কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিব। মনত ৰাখিব, আৰু বহু কথা আহি আছে।” ইয়াৰ লগতে তেওঁ সকীয়াই দিয়ে যে সময় শেষ হোৱাৰ আগতেই ইৰাণে আমেৰিকাৰ সৈতে ‘আপোচ’ত উপনীত হ’ব লাগে।
আজিৰ দিনটোত দেশবাসীৰ আগত দিয়া ভাষণত ট্ৰাম্পে এই যুদ্ধত আমেৰিকাৰ বিজয় নিশ্চিত বুলি দাবী কৰে। তেওঁ কয়, “মোৰ শাসনৰ অধীনত যোৱা পাঁচ বছৰত আমেৰিকাই কেৱল জয়লাভ কৰিছে। ইৰাণৰ বাবে আৰু বহু কথা আহি আছে। আনকি ইয়াৰ বিদ্যুৎ কেন্দ্ৰসমূহো ৰেহাই দিয়া নহ’ব।”
বৰ্তমান তেওঁ সকীয়াই দিছে যে অহা দুই-তিনি সপ্তাহলৈকে সমগ্ৰ ইৰাণতে এই আক্ৰমণ অব্যাহত থাকিব। ট্ৰাম্পৰ এই কঠোৰ স্থিতিয়ে সমগ্ৰ পশ্চিম এছিয়াত যুদ্ধৰ পৰিৱেশ দীঘলীয়া কৰি তুলিছে।










