
এইবাৰ ব্ৰিটেইনে আন্তঃৰাষ্ট্ৰীয় আলোচনাৰ জৰিয়তে হৰমুজ প্ৰণালীৰ (Harmuj) সংকটৰ অন্ত পেলোৱাৰ উদ্যোগ লৈছে। ইয়াৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে সংশ্লিষ্ট বিভিন্ন দেশৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱাৰ উদ্যোগ লৈছে।

উক্ত বৈঠকলৈ ভাৰতকে ধৰি প্ৰায় ৩৫ খন দেশক আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখ্য যে ৱাশ্বিংটনৰ অনুৰোধৰ পিছতো ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযানত ব্ৰিটেইনে অংশগ্ৰহণ কৰা নাছিল। এইবাৰ তেওঁলোকে ইৰাণৰ সৈতে আলোচনাৰ জৰিয়তে হৰমুজ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ বাৰ্তা প্ৰদান কৰে।
বৃহস্পতিবাৰে বিয়লি ব্ৰিটেইনৰ আমন্ত্ৰণৰ বিষয়ে অৱগত কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয়, “ব্ৰিটেইনে ভাৰতকে ধৰি কেইবাখনো দেশক হৰমুজ প্ৰণালীৰ বিষয়ে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছে। আজি নিশা আমাৰ বৈদেশিক সচিবে এই বৈঠকত অংশগ্ৰহণ কৰিছে।”
ইয়াৰ পিছত তেওঁ মন্তব্য কৰে, “আমি ইৰাণ আৰু তাত থকা অন্যান্য দেশসমূহৰ সৈতে (পশ্চিম এছিয়া) যোগাযোগত আছোঁ। এল পি জি, এল এন জি আৰু অন্যান্য সামগ্ৰী পৰিবহণ কৰা আমাৰ জাহাজসমূহে যাতে নিৰৱচ্ছিন্ন আৰু নিৰাপদে যাত্ৰা কৰিব পাৰে তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। বিগত কেইদিনমানৰ ভিতৰত আমাৰ আলোচনাৰ জৰিয়তে ছখন ভাৰতীয় জাহাজে নিৰাপদে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ সক্ষম হৈছে।
ইফালে ইৰাণ যুদ্ধত আমেৰিকাৰ সৈতে যোগদান নকৰাৰ বাবে মঙলবাৰে ট্ৰাম্পে ব্ৰিটেইনক সমালোচনা কৰি ছ’চিয়েল মিডিয়াত লিখিছে, “হৰ্মুজ প্ৰণালী অৱৰোধৰ বাবে জেট ইন্ধন নোপোৱা দেশসমূহলৈ মোৰ পৰামৰ্শ, যেনে ব্ৰিটেইনে ইৰাণৰ বিৰুদ্ধে অভিযানত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল- প্ৰথম, আমেৰিকাৰ পৰা কিনিব, আমাৰ হাতত প্ৰচুৰ পৰিমাণে আছে আৰু দ্বিতীয়, কিছু বিলম্বিত সাহস গোটাই প্ৰণালীলৈ যাওক আৰু তাৰ পৰা পোনপটীয়াকৈ আনক।”
ইয়াৰ কিছু সময়ৰ পিছতে তেওঁ একেটা পোষ্টতে সকীয়াই দিছে, “আপুনি নিজৰ বাবে যুঁজিবলৈ শিকিবলৈ আৰম্ভ কৰিব লাগিব। আমেৰিকাই আপোনাক আৰু সহায় নকৰে, ঠিক যেনেকৈ আপুনি আমাৰ বাবে কৰা নাছিল। ইৰাণ প্ৰায় ধ্বংস হৈ গৈছে। অভিযানৰ কঠিন অংশটো শেষ। যাওক আৰু নিজৰ তেল লওক।” ট্ৰাম্পৰ সতৰ্কবাণীৰ পিছত লণ্ডনে কূটনৈতিক কাৰ্যকলাপ আৰম্ভ কৰে।











