
বৰ্তমানৰ শাসকীয় দল নেচনেল কনফাৰেন্সে (National Conference) বুধবাৰে জম্মু-কাশ্মীৰ (Jammu and Kashmir) বিধানসভাত এক ঐতিহাসিক আৰু অতি স্পৰ্শকাতৰ পদক্ষেপ গ্ৰহণ কৰে। উপত্যকাটোৰ বাহিৰৰ বাসিন্দাসকলক মাটি লীজত (Lease of land) দিয়াত পুনৰ নিষেধাজ্ঞা আৰোপ (Impose sanctions) কৰাৰ বাবে বিধানসভাত নতুন বিধেয়ক উত্থাপন (Raising a new bill) কৰে। শ্ৰীনগৰৰ জাদিবাল সমষ্টিৰ বিধায়ক তনবীৰ ছাদিকে উত্থাপন কৰা বিধেয়কখনক ‘ভূমি অনুদান আইন সংশোধনী বিধেয়ক’ বুলি অভিহিত কৰা হৈছে। ২০১৯ চনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল হোৱাৰ পিছত ভূমি সংস্কাৰৰ ক্ষেত্ৰত যি পৰিৱৰ্তন হৈছিল তাৰ প্ৰতি সঁহাৰি জনাই ওমৰ আব্দুল্লা চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
নেচনেল কনফাৰেন্সৰ দাবী, ২০২২ চনত প্ৰস্তুত কৰা কেন্দ্ৰীয়শাসিত জম্মু-কাশ্মীৰৰ বাবে নতুন ভূমিনীতি স্থানীয় জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিয়াৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল। সেই নীতি অনুসৰি পুৰণি পট্টা নবীকৰণৰ পৰিৱৰ্তে মাটিবোৰ মুকলি নিলামৰ বাবে ৰাখিছে, য’ত দেশৰ যিকোনো প্ৰান্তৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু নতুন প্ৰস্তাৱিত বিধেয়কখনে ১৯৬০ চনৰ পুৰণি ‘ভূমি অনুদান আইন’খন ঘূৰাই আনিব বিচাৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে জম্মু-কাশ্মীৰত কেৱল স্থানীয় স্থায়ী বাসিন্দাসকলেহে চৰকাৰী ভূমি ব্যৱহাৰ কৰিব পাৰিব।

অৱশ্যে বিশেষ প্ৰয়োজন হ’লে চৰকাৰে এই নিয়মটোত অলপ শিথিল কৰিব পাৰে। এই বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে বিধানসভা উত্তাল হৈ পৰে। বিৰোধী দল বিজেপিয়ে এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি উপত্যকাটোত বিনিয়োগক বাধা দিব আৰু উন্নয়ন স্থবিৰ কৰি তুলিব বুলি দাবী কৰে। বিজেপি নেতা সুনীল শৰ্মাই মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ ফালে পোনপটীয়াকৈ আঙুলি টোঁৱাই তেওঁৰ আৰু তেওঁৰ আত্মীয়ৰ সম্পত্তি ৰক্ষাৰ বাবে এই বিধেয়কখন আনিছে বুলি অভিযোগ উত্থাপন কৰে। গুলমাৰ্গৰ বিখ্যাত ‘নেডুছ’ হোটেলৰ উদ্ধৃতি দি তেওঁ কয় যে বংশ ব্যৱস্থা আৰু অভিজাত শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ বাবে নেচনেল কনফাৰেন্সে এই বিধেয়কখন খৰখেদাকৈ গৃহীত কৰাৰ চেষ্টা চলাইছে।
আনহাতে, মেহবুবা মুফতীৰ দল পিডিপিয়েও বিভিন্ন কাৰণত এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। ইয়াৰ পূৰ্বে পিডিপিৰ বিধায়ক ৱাহিদ পাৰাই ভূমিহীন লোকৰ মালিকীস্বত্বৰ দাবীত এখন বিধেয়ক আনিছিল, যিখন বিধেয়ক নাকচ কৰা হৈছিল। পিডিপি নেতা নাইম আখতাৰৰ মতে, নেচনেল কনফাৰেন্সৰ এই বিধেয়কখনে কেৱল কেইজনমান অভিজাত হোটেলৰ মালিক আৰু প্ৰভাৱশালী পৰিয়ালৰ স্বাৰ্থহে ৰক্ষা কৰিব আৰু সাধাৰণ ভূমিহীন লোকৰ কোনো লাভ নহ’ব। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে যদি দিল্লীত অবৈধ উপনিবেশ বৈধ কৰিব পৰা যায়, তেন্তে কাশ্মীৰত সাধাৰণ মানুহৰ বসতি কিয় বৈধ কৰা হোৱা নাই।











