
মোবাইলৰ আসক্তি বিপজ্জনক। সেয়ে কৰ্ণাটক চৰকাৰে (Karnataka govt.) ছাত্ৰ-ছাত্ৰীৰ মোবাইল (Students’ mobile) আৰু ইণ্টাৰনেটৰ আসক্তি (Internet addiction) ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে। প্ৰযুক্তিৰ অত্যধিক ব্যৱহাৰৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ ক্ষতি ৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু ‘নিমহান্স’-এ যৌথভাৱে নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছে।
শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে প্ৰতি চাৰিজন কিশোৰৰ ভিতৰত এজন ইণ্টাৰনেটৰ প্ৰতি আসক্ত। ফলত কম বয়সতে অনিদ্ৰা, হতাশা আৰু অধ্যয়নত মনোনিৱেশ কৰিব নোৱৰাৰ দৰে সমস্যা বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ চাইবাৰ বুলিং বা অনলাইন প্ৰতাৰণাৰ আশংকাও সৃষ্টি হৈছে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসন তৎপৰ হৈছে।
এতিয়াৰে পৰা অধ্যয়নৰ লগতে ইণ্টাৰনেট কেনেকৈ সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়েও শিকোৱা হ’ব। বিদ্যালয়সমূহে নিজৰ নিয়ম নিজে বনাব লাগিব। দিনটোত এঘণ্টাতকৈ অধিক সময় মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ছাত্ৰ-ছাত্ৰী ডিজিটেল নিচাত পৰিছে নেকি সেই কথা বুজিবলৈ শিক্ষকসকলক বিশেষ প্ৰশিক্ষণ দিয়া হ’ব। যদি নিচাই গুৰুতৰ স্তৰত উপনীত হয় তেন্তে অভিজ্ঞ পৰামৰ্শদাতাৰ পৰা সহায় লোৱাৰ পথো মুকলি কৰি ৰখা হৈছে। প্ৰতিখন বিদ্যালয়তে নিৰীক্ষণৰ বাবে এখন ‘ডিজিটেল ৱেলনেছ কমিটী’ গঠন কৰা হ’ব।
ইণ্টাৰনেটৰ ‘মোহ’ অতিক্ৰম কৰি ছাত্ৰ-ছাত্ৰীসকলক খেলপথাৰলৈ ঘূৰাই অনাৰ বাবে বিদ্যালয়সমূহে ক্ৰীড়া আৰু সৃষ্টিশীল কাম-কাজক উৎসাহিত কৰিব। আনকি বিদ্যালয়সমূহতো থাকিব ‘টেক-ফ্ৰী’ বা টেকন’লজি-ফ্ৰী সময়। নিচা দূৰ কৰাত সহায়ক হোৱাকৈ শিক্ষকসকলক ‘৫-চি’ ফৰ্মূলা শিকোৱা হ’ব।
ডিজিটেল নিচা বা মানসিক উদ্বেগৰ বাবে চৰকাৰী হেল্পলাইন ‘টেলি-মানস’ (১৪৪১৬)ৰ পৰা সহায় ল’ব পাৰিব।
কেৱল স্কুলেই নহয়, ঘৰতো স্মাৰ্টফোনৰ আসক্তিৰ পৰা শিশুসকলক মুক্ত কৰি ৰাখিব লাগে। অভিভাৱকসকলক ঘৰতে কিছুমান বিশেষ স্থানত বা নিৰ্দিষ্ট সময়ত ফোন ব্যৱহাৰ বন্ধ কৰিবলৈ কোৱা হৈছে। সন্তানৰ সন্মুখত নিজকে সংযত কৰিবলৈ কোৱা হৈছে।
চৰকাৰে আশা কৰিছে যে বিদ্যালয় আৰু অভিভাৱকসকলে হাত মিলাই চলিলে ছাত্ৰ-ছাত্ৰীৰ এই ডিজিটেল আসক্তি হ্ৰাস কৰাটো সম্ভৱ হ’ব। ফলত এফালে তেওঁলোকৰ পঢ়া-শুনা উন্নত হ’ব, আনফালে তেওঁলোকৰ মানসিক স্বাস্থ্য সুৰক্ষিত হ’ব।











