
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীক নিৰ্দেশ দিয়ে যে ইৰাণ যুদ্ধৰ (Iran War) নেতিবাচক প্ৰভাৱৰ পৰা নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে পদক্ষেপ ল’ব লাগে।

বৈঠকৰ অন্তত ছ’চিয়েল মিডিয়াত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “বৈঠকত শক্তি, কৃষি, সাৰ, বিমান পৰিবহণ, জাহাজ আৰু লজিষ্টিক আদি বিভিন্ন খণ্ডৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।”
বুধবাৰে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰই সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে। কিন্তু তাত প্ৰধানমন্ত্ৰী উপস্থিত নাছিল। অৱশ্যে বুধবাৰে তেওঁ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত অধ্যক্ষতা কৰে।
বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে পশ্চিম এছিয়াত সামৰিক সংঘাতৰ প্ৰভাৱৰ পৰা নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে সকলো সম্ভৱপৰ প্ৰচেষ্টা চলাব লাগে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে বৈঠকত কেবিনেট সচিবে সমগ্ৰ দেশতে এল পি জি আৰু এল এন জিৰ যোগান নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।
বিভিন্ন দেশৰ পৰা নতুন নতুন যোগান আনি এল পি জি আৰু এল এন জি ক্ৰয়ৰ উৎস সম্প্ৰসাৰণ কৰা হৈছে। এই বৈঠকত পি এন চি (পাইপেড নেচাৰেল গেছ) সংযোগ সম্প্ৰসাৰণৰ পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী কাৰ্য়ালয়ে কয় যে ৰাজ্য চৰকাৰসমূহক দৈনিক তদাৰক, অভিযান আৰু কঠোৰ ব্যৱস্থাৰ জৰিয়তে সাৰৰ ক’লা বজাৰ, মজুত আৰু বক্ৰ পথেৰে সৰবৰাহ ৰোধ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
বিবৃতিটোত কোৱা হৈছে, “ইন্ধন, সাৰ আৰু অন্যান্য যোগান শৃংখলৰ বাবে আমাৰ উৎসসমূহৰ বৈচিত্ৰ্য বৃদ্ধিৰ প্ৰচেষ্টা, হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজসমূহৰ নিৰাপদ গতি নিশ্চিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ আৰু নিৰন্তৰ কূটনৈতিক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে যুদ্ধ পৰিস্থিতিৰ ক্ষতি নিৰাময়ৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ নিৰ্দেশ দিছে।”










