
জম্মু-কাশ্মীৰ (Jammu and Kashmir)ত ইখনৰ পাছত সিখন তেলৰ টেংকাৰ (Oil tanker)ত সংঘটিত হৈছে অগ্নিকাণ্ড (Fire)। এই ঘটনাত স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। পৰিবহণ নগৰৰ আৰ টি অ’ৰ কাৰ্যালয়ৰ সন্মুখত কেইবাখনো তেল টেংকাৰ ৰখাই থোৱা হৈছিল। স্থানীয় ৰাইজে জনোৱা মতে, হঠাতে তেওঁলোকে তেল টেংকাৰৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, একে সময়তে বহু তেল টেংকাৰত জুই লগাত অঞ্চলটোত আতংকৰ সৃষ্টি হয়। অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

কিন্তু তেতিয়ালৈকে তেল দুখন টেংকাৰ সম্পূৰ্ণৰূপে জ্বলি যায়। বাকীবোৰ তেতিয়াও জ্বলি আছিল। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে।
জানিব পৰা মতে, তেল টেংকাৰ ৰখা ঠাইখনৰ পৰা কেইমিটাৰমান দূৰৈত এখন বস্তি আছে। তাত জুই বিয়পি পৰাৰ আশংকাৰ বাবে আৰক্ষীয়ে শীঘ্ৰে বস্তিটো খালী কৰিবলৈ পৰামৰ্শ দিয়ে। অগ্নিনিৰ্বাপক বাহিনীয়ে বস্তিটোত জুই বিয়পি পৰাত বাধা দিবলৈ অশেষ চেষ্টা চলায়। অৱশ্যে এঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় অগ্নিকাণ্ড। স্থানীয় ৰাইজে কয় যে যদি বস্তিটোত জুই বিয়পি পৰিলহেঁতেন তেন্তে বহু ক্ষতি হ’লহেঁতেন আৰু প্ৰাণ হেৰুওৱাৰ আশংকাও হ’লহেঁতেন। কিন্তু তেল টেংকাৰকেইখনত কেনেকৈ জুই লাগিল সেই লৈ ৰহস্য বাঢ়িছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।











