
সাধাৰণ মানুহৰ দুখ-কষ্ট অন্তহীন। সাধাৰণ মানুহ গেছৰ নাটনি আৰু মূল্যবৃদ্ধিত ভুগি আছে। ইয়াৰ লগত যোগ হৈছে ঔষধৰ দাম। ১ এপ্ৰিলৰ পৰা ৯০০ৰো অধিক নিত্যপ্ৰয়োজনীয়, অত্যাৱশ্যকীয় আৰু জীৱনদায়িনী ঔষধ (Life-giving medicine)ৰ মূল্য বৃদ্ধি (Increase in medicine prices) হ’ব। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই কয় যে ভাৰতত প্ৰায় ৯০০ বিধ ঔষধৰ মূল্য ১ এপ্ৰিলৰ পৰা সামান্য বৃদ্ধি হ’ব। এই মূল্যবৃদ্ধি বিষনাশক (Pain Killer), এণ্টিবায়টিক (antibiotic) আৰু দীৰ্ঘদিনীয়া ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন ঔষধকে ধৰি বিভিন্ন ঔষধৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। এন পি পি এয়ে শেহতীয়া ক্ৰমত ফাৰ্মাচিউটিকেল কোম্পানীসমূহক ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ অধীনত তালিকাভুক্ত ঔষধৰ সৰ্বোচ্চ খুচুৰা মূল্য (এম আৰ পি) পূৰ্বৰ অনুমোদন অবিহনে বৃদ্ধি কৰাৰ অনুমতি প্ৰদান কৰিছে। বৰ্তমান এই ঔষধসমূহ নিয়ন্ত্ৰণকাৰী সংস্থাই নিৰ্ধাৰণ কৰা সৰ্বোচ্চ মূল্যৰ জৰিয়তে চৰকাৰী মূল্য নিয়ন্ত্ৰণৰ অধীনত আছে।
পাইকাৰী মূল্য সূচকাংকৰ (ডব্লিউ পি আই) বাৰ্ষিক পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি এই পুনৰীক্ষণ কৰা হৈছে। ২০২৫ চনৰ পাইকাৰী মূল্য সূচকাংকৰ (ডব্লিউ পি আই) সৈতে সংগতি ৰাখি ঔষধৰ সৰ্বোচ্চ খুচুৰা মূল্য (এম আৰ পি) ০.৬৫% পৰ্যন্ত বৃদ্ধি কৰিবলৈ দিয়া হৈছে।

উক্ত তালিকাত সংক্ৰমণ, বিষ আৰু দীৰ্ঘদিনীয়া ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা অত্যাৱশ্যকীয় ঔষধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত দেশৰ জনসংখ্যাৰ এক বৃহৎ অংশৰ ওপৰত প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে। ২০১৩ চনৰ ড্ৰাগ প্ৰাইচ কণ্ট্ৰল অৰ্ডাৰত (ডি পি চি অ’) উল্লেখ কৰা হৈছে যে ডব্লিউ পি আই পুনৰীক্ষণ অনুসৰি বাৰ্ষিক এম আৰ পি পুনৰীক্ষণ স্বয়ংক্ৰিয়ভাৱে প্ৰযোজ্য। ফলত বিশেষজ্ঞসকলৰ মতে, বজাৰত ঔষধৰ দাম বৃদ্ধি হোৱাটো এতিয়া মাথোঁ সময়ৰ কথা। অৱশ্যে বিগত বছৰবোৰত এই বৃদ্ধি সামান্য আছিল। উদাহৰণস্বৰূপে ২০২২ চনৰ এপ্ৰিল মাহত অত্যাৱশ্যকীয় ঔষধৰ দাম ১০ শতাংশতকৈও অধিক বৃদ্ধি পাইছিল। যাৰ তুলনাত এইবাৰৰ মূল্য সংশোধন শেহতীয়া সময়ত আটাইতকৈ কম।
পশ্চিম এছিয়াত ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে যোগানত ব্যাঘাত জন্মিছে, যাৰ ফলত ঔষধ নিৰ্মাতা কোম্পানীসমূহৰ উৎপাদন ব্যয় অধিক হৈছে। কিন্তু উদ্যোগ বিশেষজ্ঞসকলে দাবী কৰিছে যে ঔষধৰ মূল্যবৃদ্ধিৰ লগত পশ্চিম এছিয়াৰ সংঘাতৰ কোনো সম্পৰ্ক নাই।
ঔষধৰ মূল্য নিয়ন্ত্ৰণ আদেশৰ নিয়ম কাৰ্যকৰী কৰাৰ উপৰি এন পি পি এয়ে ঔষধজাত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ অংশ হিচাপে নিয়মিতভাৱে এনে মূল্য সংশোধন কৰে। এই নিয়ন্ত্ৰণ গাঁথনিৰ সহায়ত নিৰ্ধাৰিত প্ৰস্তুতিৰ নিৰ্মাতাসকলে পাইকাৰী মূল্য সূচকাংকৰ উঠা-নমাৰ ওপৰত ভিত্তি কৰি বছৰি মূল্য নিৰ্ধাৰণ কৰিব পাৰে।











