
চীনে (China) আটাইতকৈ শক্তিশালী কাৰ্গো ড্ৰোন (Heavy-duty cargo drone) বিকশিত কৰিছে। মঙলবাৰে হেনান প্ৰদেশত ড্ৰোনখন সফলতাৰে পৰীক্ষা কৰা হয়। কাৰ্গো ড্ৰোনক ‘ফ্লায়িং ট্ৰাক’ (Flying truck) বুলিও কোৱা হয়। ইয়াৰ মূল নাম হৈছে চাংয়িং-৮। চীনৰ নৰিংকো হৈছে এই ড্ৰোনৰ নিৰ্মাতা। চৰকাৰী সংবাদ মাধ্যম চিচিটিভিৰ মতে ড্ৰোনখন মধ্য চীনৰ ঝেংঝৌ বিমানবন্দৰত পৰীক্ষা কৰা হৈছিল। কাৰ্গো ড্ৰোনখনৰ ওজন তিনিশ পঞ্চাশ কিলোগ্ৰাম। ড্ৰোনখন পাহাৰীয়া আৰু দুৰ্গম অঞ্চলত অস্ত্ৰ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা হ’ব।

ইয়াৰ উপৰিও এই ড্ৰোনখন উদ্ধাৰ অভিযানতো ব্যৱহাৰ কৰা হ’ব। ড্ৰোনখনৰ দৈৰ্ঘ্য ১৭ মিটাৰ। এই ড্ৰোনবোৰ কেৱল সামৰিক ক্ষেত্ৰতে নহয় অসামৰিক উদ্দেশ্যৰ বাবেও ব্যৱহাৰ কৰা হ’ব। চীনা সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এই ড্ৰোনখনে সকলো বতৰৰ পৰিস্থিতিত কাম কৰিব পাৰে। সামৰিক সঁজুলি কঢ়িয়াই নিবলৈ ড্ৰোনৰ সন্মুখ আৰু পিছফাল দুয়োফালে ডাঙৰ দুৱাৰ আছে। এই ড্ৰোনখনত দুটা টাৰ্বোপ্ৰপ ইঞ্জিন আছে। ফলস্বৰূপে ৰানৱেটো সৰু হ’লেও সহজে উৰিব বা অৱতৰণ কৰিবলৈ সক্ষম হ’ব। ড্ৰোনখন এনেদৰে ডিজাইন কৰা হৈছে যে ই অৱতৰণ স্থান বিচাৰি পালে সহজে অৱতৰণ কৰিব পাৰে। বেইজিঙেও এই ড্ৰোনখন সামৰিক অভিযানত ব্যৱহাৰ কৰাৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে। প্ৰতিবেদন অনুসৰি এই কাৰ্গো ড্ৰোনবোৰ দূৰৱৰ্তী অঞ্চলত জৰুৰীকালীন যোগাযোগ, বতৰ গৱেষণা আৰু সাহায্যৰ বাবেও উপযোগী।











