
ক্ৰিমিয়াৰ এখন পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় ৰাছিয়াৰ সামৰিক বিমান এ এন-২৬ (Crimea Planet Crash)। ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বুধবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। বিমানখনত আছিল ৬ জন ক্ৰু মেম্বাৰসহ ২৯ জন লোক। এই দুৰ্ঘটনাত সকলোৰে মৃত্যুৰ আশংকা কৰা হৈছে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন বিষয়াই ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম টাছক জনোৱা মতে, বিমানখনত ২৯ জন লোকক লৈ নিয়মীয়া অনুশীলন চলাই আছিল। উৰণৰ কিছু সময়ৰ পিছতে বিমানখনৰ সৈতে যোগাযোগ নোহোৱা হৈ যায়। পিছত গম পোৱা যায় যে বিমানখনে ক্ৰিমিয়াৰ সমীপৰ এখন পাহাৰত খুন্দা মাৰিছে। এই খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে।
এই ঘটনাৰ পিছত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে, ৰাছিয়াৰ সামৰিক বিমানখন আক্ৰমণ কৰা হৈছিল নেকি? অৱশ্যে উক্ত জল্পনা-কল্পনাক ৰাছিয়াৰ সেনাই খাৰিজ কৰিছে। এক সূত্ৰই দাবী কৰা মতে, প্ৰথম অৱস্থাত যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
অৱশ্যে ব্লেক বক্স উদ্ধাৰ নোহোৱালৈকে সেনাই দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত একো ক’ব বিচৰা নাই। ছোভিয়েট যুগৰ এই বিমানখন মূলতঃ এটা ঠাইৰ পৰা আন ঠাইলৈ সামৰিক সঁজুলি কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা হয়। এই বিমানখনে হ্ৰস্বৰ পৰা মধ্যমীয়া দূৰত্বত সামৰিক সঁজুলি কঢ়িয়াই নিব পাৰে আৰু কমসংখ্যক যাত্ৰী কঢ়িয়াই নিব পাৰে।
অৱশ্যে এয়া প্ৰথম নহয়, এ এন-২৬ বিমান ইয়াৰ পূৰ্বেও কেইবাটাও দুৰ্ঘটনাৰ কবলত পৰিছে। ২০২০ চনত ইউক্ৰেইনৰ খাৰকিভত দুৰ্ঘটনাগ্ৰস্ত হৈ ২৮ জন লোকৰ মৃত্যু হৈছিল। ২০২২ চনত আন এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল।











