
মঙলবাৰে বিয়লি বাগডোগ্ৰাৰ পৰা দিল্লী অভিমুখে উৰামৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ (Air India) এয়াৰবাছ এ৩২০ বিমানৰ কেবিনত হঠাৎ ধোঁৱা ওলোৱাৰ ফলত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়। বিমানখনত পাইলট আৰু ৬ গৰাকী বিমান পৰিচাৰিকাকে ধৰি মুঠ ১৪৮ জন লোক আছিল।

বিমান নিয়ন্ত্ৰক ডিজিচিএৰ এক সূত্ৰই জনোৱা মতে, ক্ৰুৰ বাবে সংৰক্ষিত ‘এভিয়েচন ইলেক্ট্ৰনিকছ বে’ত ধোঁৱাৰ উপস্থিতি ধৰা পৰাৰ লগে লগে ‘ফ্লাইট আইএক্স১৫২৩’ৰ পাইলটে ওচৰৰ লক্ষ্ণৌ বিমানবন্দৰ (চৌধাৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ)ৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ললৈ (এটিচি) ‘মে’ ডে’ কল’ প্ৰেৰণ কৰে।
ইঞ্জিনৰ যান্ত্ৰিক বিজুতি, বিমানত জুই বা বিমানখনৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত জীৱন হেৰুৱাৰ আশংকা থাকিলে পাইলটে এই ‘মে’ ডে’ কল’ প্ৰেৰণ কৰে। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সংকেত পোৱাৰ লগে লগে লক্ষ্ণৌ এটিচিয়ে জৰুৰী অৱতৰণৰ অনুমতি প্ৰদান কৰে। সন্ধিয়া ৫ বজাত বিমানখন নিৰাপদে অৱতৰণ কৰাৰ লগে লগে যাত্ৰীসকলক ক্ষিপ্ৰতাৰে উলিয়াই অনা হয়।
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এগৰাকী মুখপাত্ৰই মঙলবাৰে নিশা কয়, “ধোঁৱা ধৰা পৰাৰ পিছত আমাৰ দিল্লী অভিমুখী বিমানখনৰ পাইলটে নিৰাপত্তাৰ কথা মনত ৰাখি লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ কৰাৰ সিদ্ধান্ত লয়। অৱতৰণৰ পিছত সকলো যাত্ৰীকে কোম্পানীয়ে প্ৰয়োজনীয় সেৱা প্ৰদান কৰে।
তেওঁলোকৰ বাবে দিল্লীলৈ বিকল্প বিমানৰ ব্যৱস্থাও কৰা হয়।” উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত দিল্লীৰ পৰা বাগডোগ্ৰা অভিমুখী ইণ্ডিগোৰ এখন বিমান বোমাৰ ভাবুকিৰ বাবে লক্ষ্ণৌ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিছিল।











