
জম্মু-কাশ্মীৰৰ (JK Terrorist Attack) গাণ্ডাৰবলত সেনা, আৰক্ষী আৰু চি আৰ পি এফে ‘আৰহামা’ অভিযান চলাই আছে। মঙলবাৰে নিশাৰ পৰা জিলাখনত অব্যাহত আছে সন্ত্ৰাসবাদীবিৰোধী অভিযান। আৰহামা অঞ্চলত দুজনমান সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱাৰ তথ্য লাভ কৰে গোপনীয় সূত্ৰৰ পৰা। ইয়াৰ পিছতে সেনা, আৰক্ষী আৰু চি আৰ পি এফে অভিযান আৰম্ভ কৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিশা সমগ্ৰ অঞ্চল ঘেৰাও কৰি এই অভিযান আৰম্ভ হয়। গাড়ীৰে অভিযান চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে এটা ঘৰৰ পৰা তেওঁলোকৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।
অৱশ্যে কিমানজন সন্ত্ৰাসবাদী আছিল সেয়া স্পষ্ট হোৱা নাই। ওৰে নিশা সংঘৰ্ষ চলে। শ্ৰীনগৰত থকা সেনাবাহিনীৰ চাইনাৰ ক’ৰ্পছে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান চলোৱা বুলি জানিবলৈ দিয়ে। এনকাউণ্টাৰৰ সময়ত এজন সন্ত্ৰাসবাদী নিহত হয়। বুধবাৰে পুৱা উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ।
সন্দেহ কৰা হৈছে যে আৰু দুজনমান সন্ত্ৰাসবাদী আছিল যদিও নিশাৰ আন্ধাৰৰ সুযোগ লৈ তেওঁলোক পলাই যায়। কিন্তু সেনাই তালাচী অভিযান অব্যাহত ৰাখিছে। বুধবাৰে পুৱাও অব্যাহত আছে সন্ত্ৰাসবাদীৰ সন্ধান। সেনাৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ অতিৰিক্ত বাহিনী উপস্থিত হৈছে। আশে-পাশে থকা অঞ্চলসমূহক সতৰ্ক কৰি দিয়া হৈছে।
উল্লেখ্য যে দুসপ্তাহমান পূৰ্বে উৰিত সেনাৰ সৈতে হোৱা সংঘৰ্ষত এজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছিল। কছাই এলেকাৰ মাজেৰে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতে তেওঁক সেনাই বাধা দিয়ে। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত পাকিস্তানী সন্ত্ৰাসবাদীজনৰ মৃত্যু হয়।











