
শাসকীয় দলেই হওক বা বিৰোধী দল, নিৰ্বাচনৰ বাবে থিয় দিয়া প্ৰাৰ্থীসকলৰ সম্পত্তিৰ (Candidates’ property) কথা জানিলে সকলোৰে চকু থৰ লাগিব। কিন্তু ইয়াৰ ব্যতিক্ৰম হৈছে ২৬ বছৰীয়া আসনা থাম্বী (Ahsna Thampi)। এছ ইউ চি আইৰ (SUCI) বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁ। তেওঁৰ সম্পত্তিৰ কথা শুনিলে আপুনিও আচৰিত হ’ব। তেওঁৰ ধন কিমান জানেনে, বিশ্বাস নহ’লেও মাত্ৰ ৮৪ টকা (Only 84 rupees)!
তেওঁৰ পকেটত ৪০ টকা আৰু বেংকত আছে মাত্ৰ ৪৪ টকা। কেৰালা বিধানসভা নিৰ্বাচন (Kerala Legislative Assembly election)ত এট্টুমানূৰ সমষ্টিৰ পৰা এছ ইউ চি আইৰ প্ৰাৰ্থী হিচাপে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ৯ এপ্ৰিলত ৰাজ্যখনত ভোটদান আৰু ৪ মে’ত ফলাফল ওলাব। আসনাই মনোনয়ন-পত্ৰত মাত্ৰ ৮৪ টকাৰ কথা উল্লেখ কৰিছে। মনোনয়ন-পত্ৰ দাখিল কৰাৰ সময়ত দলটোৱে আমানত জমা হিচাপে ১০ হাজাৰ টকা দিছে।
জানিব পৰা মতে, দলটোৰ সদস্য আসনাৰ কোনো স্থায়ী চাকৰি নাই। তেওঁ দলৰ কামতে লাগি থাকে বুলি কোৱাটো উচিত। তেওঁ কয়, “প্ৰধান লক্ষ্য মানুহক সহায় কৰা। টকা উপাৰ্জন কৰিবলৈ নহয়। এয়াও দলৰ সংবিধান। তাৰ বাহিৰলৈ যাব নোৱাৰো।”

এৰ্নাকুলামৰ এখন সৰু গাঁৱত জন্ম হৈছিল আসনাৰ। মাক আৰু দেউতাক দুয়োজনেই দলৰ সদস্য। পিতৃ চি কে থাম্বি এজন দিন হাজিৰা কৰা লোক। দলৰ জিলা সমিতিৰ সদস্য। মাতৃ ওমানা পিপিঅ’ও এগৰাকী দিন হাজিৰা কৰা শ্ৰমিক। দলৰ স্থানীয় সমিতিৰ সদস্যও তেওঁ। পিতৃ-মাতৃক দেখি ৰাজনীতিলৈ আহে আসনা।
আসনা অতি কম বয়সতে পঢ়া-শুনাৰ বাবে কোচিলৈ গুচি যায়। আগতে তেওঁ পাৰ্টীৰ অফিচত আছিল। সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰা আসনাই কয়, “পঢ়াৰ পৰাই মই দেখিছিলোঁ যে এছ ইউ চি আয়ে মানুহৰ বাবে কেনেকৈ কাম কৰে।” আসনাই এৰ্নাকুলামৰ মহাৰাজ কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। কলেজত পঢ়ি থাকোঁতেই তেওঁ পাৰ্টীৰ কাম কৰিছিল।
স্নাতক হোৱাৰ পিছত আসনা কোট্টায়মলৈ গুচি যায়। সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাতো তেওঁ আগতে পাৰ্টীৰ অফিচতে আছিল। তেওঁ পাৰ্টীৰ কামো কৰিছিল। এতিয়াও তেওঁ তাতেই থাকে। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি সকলো কাম নিজেই কৰে। বাকী সময় ৰাইজৰ লগত থাকে। এইবাৰ নিৰ্বাচনী যুঁজত আসনাও অৱতীৰ্ণ হৈছে।











