
বিহাৰৰ নালন্দা (Nalanda of Bihar)ৰ এটা মন্দিৰ (Tample)ত পদপিষ্ট হৈ (Trampled) ৮ জন লোকৰ মৃত্যু (8 people died) হয়। নিহতসকলৰ ভিতৰত আঠোগৰাকীয়েই মহিলা (All eight are women)। আন কেইবাজনো আহত হয়। প্ৰাথমিক খবৰ অনুসৰি, ভিৰ আৰু ঠেলা-হেঁচাৰ মাজত কমেও ছয়জন লোক আহত হৈছে। মঙলবাৰে নালন্দা জিলাৰ বিহাৰ শ্বৰীফ অঞ্চলৰ শীতলা মন্দিৰত ভক্তৰ এক বৃহৎ ভিৰ হয়। ভিৰৰ মাজতে সংঘটিত হয় এই ঘটনা।
ঘটনাৰ খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয়। ইতিমধ্যে ঘটনাস্থলীৰ কিছুমান ভিডিঅ’ মুকলি হৈছে। ইয়াত মন্দিৰ চৌহদৰ ভিতৰত বৃহৎ জনসমাগম দেখা গৈছে। এই ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থাপনা আছিলনে নাই সেয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে বিহাৰ চৰকাৰে এই গাফিলতি ক’ত সংঘটিত হৈছে সেই বিষয়ে জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে। সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ বিহাৰৰ মুখ্য সচিবক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। পৰিস্থিতিৰ বুজ ল’বলৈ পাটনাৰ আয়ুক্তকো বিহাৰ শ্বৰীফলৈ প্ৰেৰণ কৰা হৈছে। মঙলবাৰৰ ঘটনাক লৈ শোক প্ৰকাশ কৰি বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। তেওঁ এই দুৰ্ঘটনাক অতি যন্ত্ৰণাদায়ক বুলি অভিহিত কৰে। বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰে প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়াইছে।

স্থানীয় সূত্ৰ অনুসৰি, চʼত মাহৰ অন্তিম মঙলবাৰে আৰু মহাবীৰ জয়ন্তী উপলক্ষে মন্দিৰত পূজা কৰিবলৈ ভক্তৰ ব্যাপক ভিৰ হৈছিল। পুৱাৰে পৰা মন্দিৰত সমবেত হ’বলৈ আৰম্ভ কৰে ভক্তসকল। সময়ৰ লগে লগে ভিৰো বাঢ়ি আহে। অৱশ্যে ভিৰ চম্ভালিব পৰাকৈ আৰক্ষীৰ পৰ্যাপ্ত ব্যৱস্থা আছিলনে নাই সেয়া জানিব পৰা হোৱা নাই।
ললিত কুমাৰ নামৰ স্থানীয় বাসিন্দা এজনে সংবাদ সংস্থা এএনআইক জনাইছে, “আজি মহাবীৰ জয়ন্তী আৰু মঙলবাৰ। গতিকে তাত বিপুল ভিৰ হৈছিল। যিবোৰ বেৰিকেড লগোৱা হৈছিল, সেইবোৰ ভাঙি গৈছিল আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। মানুহে কয় যে তাত কোনো আৰক্ষী নাছিল।” পাটনাৰ আন এজন ভক্তই কয়, “আমি মন্দিৰত সোমাবও নোৱাৰিলোঁ। পদপিষ্টৰ পিছত আমাক বাহিৰলৈ উলিয়াই দিয়া হয়। লাঠিচালনাও হৈছিল।”











