
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে অহা বুধবাৰ, ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে চীনা কোম্পানীয়ে নিৰ্মাণ কৰা চিচিটিভি (CCTV) কেমেৰাৰ বিক্ৰী নিষিদ্ধ কৰিবলৈ ওলাইছে। ফলত হিকভিজন, ডাহুৱা, টিপি-লিংকৰ দৰে জনপ্ৰিয় কোম্পানীসমূহে দেশত চিচিটিভি কেমেৰা আৰু আনুষংগিক সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ’ব পাৰে।

চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত বাতৰিটোত চীনৰ কোম্পানীয়ে নিৰ্মাণ কৰা ইলেক্ট্ৰনিক সঁজুলিৰ ব্যৱহাৰে দেশৰ চাইবাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বুলি দাবী কৰিছে। কেতবোৰ কেন্দ্ৰীয় নিৰাপত্তা সংস্থা আৰু চাইবাৰ নিৰাপত্তা বিশেষজ্ঞই এই বিষয়ত আপত্তি দাঙি ধৰিছে। সেইবাবেই বিপদৰ পৰা হাত সাৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত চৰকাৰে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই।
বিগত সময়ত ভাৰতত চীনা টেলিকম কোম্পানীয়ে নিৰ্মাণ কৰা কম্প’নেণ্টৰ জৰিয়তে চোৰাংচোৱাগিৰি আৰু ডাটা চুৰিৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মোদী চৰকাৰে। সূত্ৰ অনুসৰি, দেশত এপ্ৰিল মাহৰ পৰা ‘Standardization Testing and Quality Certification’ (STQC) নামৰ এক নতুন নিয়ম কাৰ্যকৰী হ’বলৈ গৈ আছে।
নতুন নিয়ম অনুসৰি, ভাৰতত চিচিটিভি কেমেৰা বা ‘ভিডিঅ’ চোৱাচিতা ব্যৱস্থা’ বিক্ৰী কৰাৰ পূৰ্বে সংশ্লিষ্ট যন্ত্ৰসমূহৰ বাবে চৰকাৰী অনুমোদন লোৱাটো বাধ্যতামূলক কৰা হৈছে। এই নিয়ম কেৱল কেইটামান নিৰ্দিষ্ট কোম্পানীৰ বাবে নহয়। ভাৰতত চিচিটিভি আৰু চোৱাচিতাৰ যন্ত্ৰ বিক্ৰী কৰা সকলো ব্ৰেণ্ডৰ ক্ষেত্ৰত ই প্ৰযোজ্য হ’ব।











