
কেইবাবাৰো বোমাতংক (Bomb Threat) বিয়পাইছিল তেওঁ। দেশৰ বিভিন্ন প্ৰান্তত ১১০০ৰো অধিক এনে ভুৱা তথ্য প্ৰচাৰ (Spreading false information) কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। এইবাৰ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ (Delhi police arrested) কৰে অভিযুক্তক। কৰ্ণাটকৰ মহীশূৰৰ (Mysore, Karnataka) পৰা গ্ৰেপ্তাৰ কৰে শ্ৰীনিবাস লুইছ (Srinibas Luis) (৪৭) নামৰ অভিযুক্তজনক। আৰক্ষীৰ মতে, দেশৰ বিভিন্ন বিদ্যালয়, উচ্চ ন্যায়ালয় আৰু চৰকাৰী কাৰ্যালয়ত বোমা থকাৰ ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ভিতৰত আছে দিল্লী উচ্চ ন্যায়ালয়, দিল্লী বিধানসভা, কেইবাটাও শিক্ষানুষ্ঠান আৰু ৰাজধানীত চৰকাৰী কাৰ্যালয়।
ইটোৰ পিছত সিটো ঠাইত ভুৱা তথ্য বিয়পাই বোমাৰ আতংক সৃষ্টি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শ্ৰীনিবাস। শেহতীয়া কিছুমান বোমা আতংকৰ তদন্তৰ ভিত্তিত দিল্লী আৰক্ষীয়ে শ্ৰীনিবাসক চিনাক্ত কৰে। সেই তথ্যৰ ভিত্তিত দিল্লী আৰক্ষীৰ এটা দলে কৰ্ণাটকত অভিযান চলায়। স্থানীয় থানাৰ আৰক্ষী জোৱানৰ সহায়ত তদন্তকাৰীয়ে মহীশূৰৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, শ্ৰীনিবাসৰ স্নাতকোত্তৰ ডিগ্ৰী আছে। তেওঁৰ মূল ঘৰ বেংগালুৰুত।

কিন্তু এতিয়া তেওঁ মাক-দেউতাকৰ লগত মহীশূৰৰ ঘৰত থাকে। দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক জনাইছে, “প্ৰাথমিক তদন্তত এনে লাগে যেন অভিযুক্তজন সম্ভৱতঃ মানসিক চাপত আছিল। প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্তই স্বীকাৰ কৰে যে তেওঁ ইমেইল আৰু অন্যান্য উপায়েৰে দেশৰ বিভিন্ন প্ৰান্তত ১১০০ বাৰতকৈও অধিক ভুৱা বোমাৰ ভাবুকি প্ৰেৰণ কৰিছিল ।”
উল্লেখ্য যে বিগত কেইমাহমানৰ পৰা দিল্লী, পঞ্জাব, গুজৰাটকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ ভুৱা বোমাৰ ভাবুকি প্ৰেৰণ কৰা হৈছে। বেছিভাগ ক্ষেত্ৰতে ইমেইলৰ জৰিয়তে ভুৱা ভাবুকি প্ৰেৰণ কৰা হৈছে। কিন্তু এই সকলোবোৰ ঘটনাৰ সৈতে একেজন অভিযুক্ত জড়িত আছেনে নাই সেয়া স্পষ্ট হোৱা নাই।











