
পশ্চিম এছিয়াৰ যুদ্ধই ‘কঠিন পৰিস্থিতি’ৰ সৃষ্টি কৰিছে। সকলোৱে মিলি ইয়াৰ সৈতে মোকাবিলা কৰিব লাগিব। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত এইদৰে কয়। তেওঁ কয় যে এয়া ‘স্বাৰ্থৰ ৰাজনীতি’ কৰাৰ সময় নহয়।

ইয়াৰ ফলত দেশৰ ১৪০ কোটি জনসাধাৰণৰ ক্ষতি হ’ব। বিৰোধী দলসমূহৰ নাম নোলোৱাকৈয়ে এই বাৰ্তা দিয়ে মোদীয়ে। ইয়াৰ সমান্তৰালকৈ তেওঁ উপসাগৰীয় অঞ্চলৰ ভাৰতৰ ‘বন্ধু’ দেশসমূহক এক বিশেষ বাৰ্তাও প্ৰদান কৰে।
মোদীয়ে কয়, “যোৱা এমাহ ধৰি আমাৰ চুবুৰীয়া অঞ্চলত এক মাৰাত্মক যুদ্ধ চলি আছে। এইটো নিশ্চিতভাৱে এক কঠিন সময়। এই কাৰ্যসূচীৰ জৰিয়তে মই সকলো দেশবাসীক হাত মিলাবলৈ অনুৰোধ জনাইছোঁ। আমি একেলগে এই পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।
যিসকলে ইয়াক লৈ ৰাজনীতি কৰি আছে তেওঁলোকে এতিয়াই বন্ধ কৰক। কাৰণ ইয়াৰ লগত দেশৰ ১৪০ কোটি জনসাধাৰণৰ স্বাৰ্থ জড়িত আছে। এয়া স্বাৰ্থৰ ৰাজনীতিৰ সময় নহয়।” মোদীয়ে নাগৰিকসকলক যুদ্ধৰ কোনো উৰাবাতৰি নুশুনিবলৈ পৰামৰ্শ দিয়ে।
তেওঁ কয়, “সকলোৱে সাৱধান হওক। উৰাবাতৰি নুশুনিব। চৰকাৰে নিয়মিতভাৱে প্ৰদান কৰা তথ্যহে বিশ্বাস কৰক। তাৰ ওপৰত ভিত্তি কৰি কাম কৰক। উৰাবাতৰিয়ে দেশৰ বহু ক্ষতি কৰিছে।” ভাৰতে যৌথ প্ৰচেষ্টাৰে বিগত সময়ছোৱাত কেইবাটাও প্ৰতিকূলতা অতিক্ৰম কৰিছে। এইবাৰো মোদীয়ে আশা প্ৰকাশ কৰে যে একেদৰেই সংকট দূৰ হ’ব।
কামৰ বাবে উপসাগৰীয় দেশসমূহত লাখ লাখ ভাৰতীয়ই বাস কৰে। সেই দেশসমূহক সুৰক্ষা দিয়াৰ বাবে মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, ”মই উপসাগৰীয় দেশসমূহৰ প্ৰতি অতিশয় কৃতজ্ঞ। এই কঠিন সময়ত তেওঁলোকে এক কোটিৰো অধিক ভাৰতীয়ক সকলো দিশতে সহায় কৰি আছে।” প্ৰধানমন্ত্ৰীয়ে বিশ্বাস কৰে যে বিভিন্ন দেশৰ সৈতে ভাৰতৰ সু-সম্পৰ্কই এই কঠিন সময়ত কাম কৰি আছে।
পশ্চিম এছিয়া ভাৰতৰ শক্তিৰ চাহিদাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। তাৰ পৰাই সমগ্ৰ বিশ্বতে পেট্ৰ’ল-ডিজেলৰ সংকটৰ সৃষ্টি হৈছে। কিন্তু ভাৰতে সাহসেৰে এই পৰিস্থিতিৰ সন্মুখীন হৈছে বুলিও কয় মোদীয়ে। তেওঁ কয় যে আমি এই পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সক্ষম হৈছোঁ কেৱল বিভিন্ন দেশৰ সৈতে আমাৰ যি সম্পৰ্ক আছে, আমি যি সমৰ্থন লাভ কৰিছোঁ আৰু বিগত দশকত ভাৰতে যি শক্তি লাভ কৰিছে তাৰ পৰা।
এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ ক’ৰোনা মহামাৰীৰ কথা স্মৰণ কৰে। তেওঁ কয় যে সেই সংকট অতিক্ৰম কৰাৰ পিছত বিশ্বই উন্নয়নৰ পথত আগবাঢ়িব বুলি ভবা হৈছিল। কিন্তু বাস্তৱত যুদ্ধ আৰু সংঘাতৰ পৰিস্থিতিয়ে বাৰে বাৰে সমস্যাৰ সৃষ্টি কৰি আহিছে।










