
শুকুৰবাৰে বিয়লি একাধিক হিমস্খলনৰ বাবে শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যতঃ বন্ধ হৈ পৰে। ৰাষ্ট্ৰীয় ঘাইপথৰ তলৰ জোজিলা গিৰিপথত কেইবাখনো যান-বাহন বৰফে হেঁচি ধৰে। এই দুৰ্ঘটনাত কমেও ৭ জন লোকৰ মৃত্যু হয়।

কেন্দ্ৰীয় মন্ত্ৰী তথা জম্মু-কাশ্মীৰৰ বিজেপি নেতা জিতেন্দ্ৰ সিঙে জানিবলৈ দিয়া মতে, আন ৫ জন লোক গুৰুতৰভাৱে আহত হৈছে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, শুকুৰবাৰে বিয়লি জোজিলা গিৰিপথৰ জিৰ’ পইণ্ট আৰু মিনিমাৰ্গৰ মাজৰ অঞ্চলত হিমস্খলন হয়। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে কেইবাখনো বাহন।
ঘটনাৰ খবৰ পোৱাৰ পিছতে সেনা, অৰ্ধসামৰিক বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বৰফ আৰু শিল আঁতৰাই উদ্ধাৰৰ কাম আৰম্ভ কৰে। শুকুৰবাৰে জোজিলা গিৰিপথৰ লগতে শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত ভূমিস্খলন আৰু হিমস্খলন সংঘটিত হয়।
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে এক্সত এই ঘটনা সন্দৰ্ভত এটা পোষ্টত লিখিছে, “জোজিলা গিৰিপথত হোৱা হিমস্খলনৰ ফলত ৭ জন লোকৰ মৃত্যু আৰু ৫ জন লোক আহত হোৱাৰ মৰ্মান্তিক খবৰ শুনি মই স্তম্ভিত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা। আহতসকলক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰা হৈছে।”










