
কাৰ্বি আংলঙৰ খটখটী (Karbi Anglong’s Khatkhati) আৰক্ষীৰ সফল অভিযান (Successful operation of Police)। অভিযানত হেৰ’ইনসহ আটক যুৱক (Young man arrested with heroin)। খটখটী থানাৰ অন্তৰ্গত লাহৰিজান নিৰ্মল কুমাৰ শ্বাহ বাগান বস্তিত আৰক্ষীয়ে অভিযান চলাই হেৰ’ইনসহ যুৱকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে দুপৰীয়া গোপন খবৰৰ ভিত্তিত খটখটী আৰক্ষীয়ে উক্ত স্থানত অভিযান চলাই সন্দেহজনক যুৱকজনে কৌশলেৰে তেওঁৰ দেহত লুকুৱাই ৰখা অৱস্থাত দুটা চাবোনৰ বাকচৰ ভিতৰত প্ৰায় ২৪ গ্ৰাম হেৰ’ইন উদ্ধাৰ (24 grams of heroin recovered) কৰে। ইয়াৰ পিছত আৰক্ষীয়ে যুৱকজনক আটক কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আটক হোৱা যুৱকজন হৈছে ডিমাপুৰ জিলাৰ কে ছাচ্ছু কল’নীৰ প্ৰয়াত উমেশ জামাদাৰৰ পুত্ৰ বিশাল জামাদাৰ। আৰক্ষীয়ে এই ঘটনাৰ সৈতে আন কোনোবা জড়িত আছে নেকি তাৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।













