
বিবাহিত পুৰুষে যদি পাৰস্পৰিক সন্মতিৰে এগৰাকী প্ৰাপ্তবয়স্ক মহিলাৰ সৈতে শয্যাসংগী (Live-in relation) হিচাপে থাকে তেন্তে সেয়া অপৰাধ নহয়। এটা গোচৰত এই পৰ্যবেক্ষণ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ (Allahabad High Court)। আদালতে নিজৰ আদেশত উল্লেখ কৰিছে যে একেলগে বাস কৰা দম্পতীহালৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰিব। লগতে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈও আৰক্ষীক নিৰ্দেশ দিছে।
উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ এহাল লিভ-ইন দম্পতীৰ (Live-in relation) বিৰুদ্ধে মহিলাগৰাকীৰ পৰিয়ালে আদালতৰ কাষ চাপিছিল। লিভ-ইন সম্পৰ্কত থকাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। কাৰণ পুৰুষ সংগীজন বিবাহিত। আদালতে নিজৰ পৰ্যবেক্ষণত ‘নৈতিকতা’ আৰু আইনক পৃথক কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি, আইন অনুসৰি ব্যক্তিজনে কোনো অপৰাধ কৰা যেন নালাগে। আদালতে লগতে কয় যে নাগৰিকৰ অধিকাৰ ৰক্ষাৰ বাবে লোৱা পদক্ষেপসমূহ কেতিয়াও সামাজিক মতামত বা নৈতিকতাৰ দ্বাৰা পৰিচালিত হ’ব নোৱাৰে।

আদালতে আৰক্ষীক নিৰ্দেশ দিছে যে আবেদনকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। কেৱল সেয়াই নহয়, পৰিয়ালটোও সজাগ হ’ব লাগে। আৰক্ষীয়ে যাতে দম্পতীহালক কোনো ধৰণৰ ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ উপৰি পৰিয়াল দুটাৰ কোনো লোক দম্পতীহালৰ ঘৰত প্ৰৱেশ বা যোগাযোগ কৰিব নোৱাৰিব বুলি আদালতে এই নিৰ্দেশত উল্লেখ কৰিছে। আদালতৰ তথ্য অনুসৰি, তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ দায়িত্ব।
অনামিকা আৰু নেত্ৰপালে আদালতত আবেদন কৰিছিল। গোচৰৰ সবিশেষ তথ্য অনুসৰি, যোৱা ৮ জানুৱাৰীত অনামিকাৰ মাতৃ কান্তিয়ে শ্বাহজাহানপুৰৰ জয়তীপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি, নেত্ৰপালে কন্যাক লৈ যাবলৈ ‘প্ৰলোভন’ দিছিল। ভাৰতীয় দণ্ডবিধিৰ ৮৭ নং ধাৰাত ৰুজু হৈছে এই গোচৰ। সেই গোচৰটোক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল লিভ-ইন দম্পতীহালে। উচ্চ ন্যায়ালয়ক জনোৱা হয় যে তেওঁলোক দুয়োজনেই প্ৰাপ্তবয়স্ক। সম্প্ৰতি পাৰস্পৰিক সন্মতিৰে একেলগে বসবাস কৰি আছে। যদিও অনামিকাৰ মাতৃয়ে অভিযোগ কৰিছিল যে নেত্ৰপাল বিবাহিত, সেই ক্ষেত্ৰত আন এগৰাকী মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধমূলক। কিন্তু আদালতে শুনানিৰ সময়ত পৰ্যবেক্ষণ কৰে যে যদিহে নেত্ৰপালে সঁচাকৈয়ে পাৰস্পৰিক সন্মতিৰে এজন প্ৰাপ্তবয়স্কৰ সৈতে একেলগে থাকে তেন্তে সেয়া কোনো অপৰাধমূলক অপৰাধৰ পৰিসৰত নপৰে।
এই গোচৰৰ শুনানি গ্ৰহণ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জে জে মুনীৰ আৰু ন্যায়াধীশ তৰুণ ছাক্সেনাৰ বিচাৰপীঠে। ৮ এপ্ৰিলত পুনৰ এই গোচৰৰ শুনানি গ্ৰহণ কৰিব বুলি আদালতে জানিবলৈ দিয়ে।











