
আৰু ১০ দিনলৈ আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ (Iran War) নকৰে। শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে এই কথা নিজেই ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে ইৰাণৰ অনুৰোধত এই সিদ্ধান্ত লোৱা বুলি দাবী কৰিছে ট্ৰাম্পে।

কিন্তু ট্ৰাম্পৰ এই দাবী খাৰিজ কৰিছে তেহৰানে। যদিও ইৰাণে এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই, তথাপিও আমেৰিকাৰ সংবাদ মাধ্যম দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি তেহৰানে এনে কোনো অনুৰোধ কৰাটো অস্বীকাৰ কৰিছে।
বৃহস্পতিবাৰে নিশা ১.৪১ বজাত (ভাৰতৰ সময় অনুসৰি) ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে, ‘ইৰাণ চৰকাৰৰ অনুৰোধ মানি মই তেওঁলোকৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰাৰ কাম ১০ দিনৰ বাবে স্থগিত ৰাখিছো।’
ট্ৰাম্পৰ ঘোষণা অনুসৰি ৬ এপ্ৰিলৰ নিশা ৮ বজালৈকে (আমেৰিকাৰ স্থানীয় সময় অনুসৰি) আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ নকৰে। ট্ৰাম্পে লগতে কয় যে ইৰাণৰ সৈতে আলোচনা অতি ভালদৰে আগবাঢ়িছে। তেওঁ কয়, “আলোচনা চলি আছে।
সংবাদ মাধ্যম আৰু একাংশ লোকৰ পৰা ভুৱা বাতৰি পোৱাৰ পিছতো আলোচনা অতি ভালদৰে চলি আছে।”
২২ মাৰ্চত ট্ৰাম্পে সকীয়াই দিছিল যে যদি ইৰাণে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে আমেৰিকাই দেশখনৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ কৰিব।
২৩ মাৰ্চত ট্ৰাম্পে নিজৰ মন সলনি কৰি কয় যে আগন্তুক পাঁচ দিনলৈ ইৰাণৰ কোনো বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ নহ’ব! তেওঁৰ এই ঘোষণাৰ পিছতো পশ্চিম এছিয়াত উত্তেজনা কম হোৱা নাছিল। অৱশ্যে ইৰাণৰ বিদ্যুৎ কেন্দ্ৰৰ বাহিৰে আন ঠাইত সামৰিক অভিযান অব্যাহত থাকিব বুলি আমেৰিকা পক্ষই অৱগত কৰে।
ইতিমধ্যে আমেৰিকাই ইৰাণক যুদ্ধ বন্ধ কৰাৰ বাবে ১৫ দফীয়া প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ উপৰি পাকিস্তানৰ জৰিয়তে ইৰাণলৈ এই প্ৰস্তীৱ প্ৰেৰণ কৰা হৈছে।
ইয়াৰ বিনিময়ত ইৰাণেও পাঁচ দফীয়া প্ৰস্তাৱ আগবঢ়াইছে। একাধিক সূত্ৰই দাবী কৰিছে যে ইৰাণে ট্ৰাম্পৰ দাবী মানি লৈ নিজৰ মিছাইল কাৰ্যসূচীত আপোচ নকৰে বুলি স্পষ্ট কৰি দিছে। এই পৰিৱেশত ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে বুধবাৰে কয় যে তেওঁলোকৰ আমেৰিকাৰ সৈতে বুজাবুজিৰ কোনো উদ্দেশ্য নাই।
বৰঞ্চ ইৰাণে প্ৰতিৰোধ বজাই ৰাখিব বিচাৰে। আৰাঘচিয়ে অৱশ্যে কয় যে তেওঁলোকে আমেৰিকাৰ প্ৰস্তাৱ পৰীক্ষা কৰি আছে। কিন্তু তেওঁ কাৰ্যতঃ আমেৰিকাৰ সৈতে আলোচনাত বহাৰ সম্ভাৱনাক নুই কৰিলে।










