
কেন্দ্রই দেশত তেল আৰু গেছৰ (Iran War) মজুত থকা দিনৰ সংখ্যাৰ বিষয়ে অৱগত কৰিছে৷ পেট্ৰ’লিয়াম মন্ত্ৰালয়ে জনাইছে যে দেশৰ খাৰুৱা তেলৰ মজুতত ৬০ দিনৰ বাবে চাহিদা পূৰণ কৰিব পৰা যাব।

এই সময়ছোৱাত বিশ্বত বৃহৎ সংকট আহিলেও তেলৰ যোগানত কোনো ব্যাঘাত নপৰে বুলি আশ্বাস দিয়া হৈছে।
দেশত ৰন্ধন গেছৰ (এল পি জি) যোগান নিশ্চিত কৰিবলৈ ঘৰুৱা উৎপাদন ৪০ শতাংশ বৃদ্ধি কৰা হৈছে।
দেশত প্ৰতিদিনে ৮০ হাজাৰ মেট্ৰিক টন এল পি জিৰ প্ৰয়োজন। পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে গেছৰ আমদানি হ্ৰাস পালেও কোনো সংকট নহ’ব বুলি আশ্বাস দিয়া হৈছে। কেন্দ্ৰই প্ৰদান কৰা পৰিসংখ্যা অনুসৰি, দেশত থকা গেছৰ মজুতেৰে এমাহৰ চাহিদা সহজে পূৰণ কৰিব পৰা যায়।
আমেৰিকা আৰু ৰাছিয়াৰ দৰে দেশৰ গেছ কঢ়িওৱা জাহাজ অতি সোনকালে ভাৰতৰ বন্দৰত প্ৰৱেশ কৰিব বুলিও পেট্ৰ’লিয়াম মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইতিমধ্যে ৮ লাখ মেট্ৰিক টন গেছ আমদানি নিশ্চিত কৰা হৈছে। তেনে ক্ষেত্ৰত এমাহৰ পাছতো গেছৰ সংকট নাথাকিব।
পৰিসংখ্যাৰ উদ্ধৃতি দি কেন্দ্ৰই কয় যে ভাৰতে খাৰুৱা তেল আমদানি কৰে আৰু ইয়াক শোধন কৰাৰ পিছত ১৫০ খন দেশলৈ ৰপ্তানি কৰে। সেইবাবেই কোৱা হৈছে যে ভাৰতত ঘৰুৱা চাহিদাত কোনো ধৰণৰ ব্যাঘাত জন্মাৰ সম্ভাৱনা নাই।
ভাৰতীয় তেল কোম্পানীসমূহে প্ৰতিদিনে ৫০ লাখ গেছ চিলিণ্ডাৰ যোগান ধৰাৰ কথাও কেন্দ্ৰই জনাইছে। আনহাতে, দেশৰ প্ৰতিটো পেট্ৰ’ল পাম্পে পূৰ্বৰ দৰে সেৱা আগবঢ়াইছে। কেন্দ্রই কৈছে যে আন বহু দেশৰ বিপৰীতে ভাৰতে তেল যোগান বন্ধ কৰাৰ সিদ্ধান্ত ল’ব লগা হোৱা নাই৷
এই আধাৰত কেন্দ্ৰই তেল আৰু গেছ যোগান সন্দৰ্ভত ভুৱা তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে।
পেট্ৰ’লিয়াম মন্ত্ৰালয়ে কয় যে তেল আৰু গেছ যোগানৰ ভুৱা তথ্য প্ৰচাৰ কৰি জনমানসত উদ্বেগ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এনে ঘটনা প্ৰশাসনৰ দৃষ্টিগোচৰ হ’লে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱা হৈছে।
উল্লেখ্য যে পশ্চিম এছিয়াৰ দেশৰ পৰা হৰমুজ প্ৰণালীৰ মাজেৰে তেল টেংকাৰ আৰু জাহাজ ভাৰতত প্ৰৱেশ কৰে। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইৰাণে কৌশলগত কাৰণত কাৰ্যতঃ প্ৰণালীটো বন্ধ কৰি দিছিল। ফলত সমগ্ৰ বিশ্বতে প্ৰতি বেৰেলত খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে।
দেশত তেলৰ সংকট হ’ব পাৰে বুলি আশংকা কৰা হৈছে। এনে পৰিস্থিতিত সোমবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত পেট্ৰ’ল, ডিজেল আৰু গেছৰ যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰই সকলো প্ৰচেষ্টা হাতত লৈছে।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত ১১ বছৰত ভাৰতে তেল আমদানিৰ বৈচিত্ৰ্য বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে নতুন দিল্লীয়ে ২৭ খন দেশৰ পৰা ইন্ধন আমদানি কৰিছিল। মোদীয়ে কয় যে এতিয়া ৪১ খন দেশৰ পৰা ইন্ধন আমদানি কৰা হয়।











