
পশ্চিম এছিয়াত সামৰিক সংঘাতৰ বাবে সমগ্ৰ দেশতে এলপিজি (LPG)ৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে জনসাধাৰণৰ ৰন্ধ্ন গেছ সন্দৰ্ভত ক্ৰমাৎ উদ্বেগ বৃদ্ধি পাইছে। তেনে সময়তে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডে (বি পি চি এল) এক অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে। মানুহে যাতে কোনো ধৰণৰ হেঁচা নোহোৱাকৈ সহজে গেছ পাব পাৰে, তাৰ বাবে মুকলি কৰিছে এলপিজি এটিএম (LPG ATM)। এই এটিএমটো হাৰিয়ানাৰ গুৰুগ্ৰামত (Gurugram) মুকলি কৰা হৈছে।
কোম্পানীটোৰ সূত্ৰ অনুসৰি, এই এটিএমৰ পৰা কেইমিনিটমানৰ ভিতৰতে গেছভৰ্তি চিলিণ্ডাৰ উপলব্ধ হ’ব। বেংকৰ এটিএমৰ পৰা ধন যেনেকৈ উলিওৱা হয় এই এটিএমটোও প্ৰায় তেনেকুৱাই।

সূত্ৰই জনোৱা মতে, গেছ যোগান মসৃণ কৰি ৰখাৰ বাবে এই কৌশল। এই এটিএমটো গুৰুগ্ৰামৰ সোহনা অঞ্চলৰ চেণ্ট্ৰেল পাৰ্ক ফ্লাৱাৰ ভেলীৰ ৩৩ নং ছেক্টৰত পাইলট প্ৰজেক্ট হিচাপে স্থাপন কৰা হৈছে। এই এটিএম ২৪ ঘণ্টা খোলা থাকিব। দুই-তিনি মিনিটৰ ভিতৰত ভৰ্তি চিলিণ্ডাৰ উপলব্ধ হ’ব বুলি দাবী কৰা হৈছে।
এই প্ৰকল্পটো সম্পূৰ্ণ ডিজিটেল। এই এটিএমটোৱে কেনেদৰে কাম কৰিব? সংস্থাটোৰ মতে, গ্ৰাহকে তেওঁলোকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। সেই নম্বৰত এটা অ’টিপি আহিব। উক্ত অ’টিপিৰ জৰিয়তে গ্ৰাহকৰ তথ্য পৰীক্ষা কৰা হ’ব। ইয়াৰ পিছত গ্ৰাহকে খালী চিলিণ্ডাৰটো এটিএমত সুমুৱাব লাগিব। অনলাইনত টকা পৰিশোধ কৰাৰ লগে লগে মেচিনৰ পৰা এটা ভৰ্তি চিলিণ্ডাৰ ওলাই আহিব। অৱশ্যে এই চিলিণ্ডাৰত ১৪ কেজিৰ পৰিৱৰ্তে ১০ কেজি গেছ থাকিব। চিলিণ্ডাৰবোৰ ধাতুৰ নহ’ব। আঁহেৰে তৈয়াৰ কৰা। ওজনো অতি লঘু। স্থানীয় বাসিন্দাসকলে দাবী কৰে যে গেছটো আগতে বুকিং কৰাৰ পিছত গেছ আহি পোৱালৈকে অপেক্ষা কৰিবলগীয়া হৈছিল। কিন্তু যিহেতু এই এটিএমটো নিৰ্মাণ কৰা হৈছে, গতিকে ৰৈ থকাৰ প্ৰয়োজন নাই। দিনেই হওক বা ৰাতি, এটিএমৰ পৰা গেছ চিলিণ্ডাৰ পাব।











