
মঙলবাৰে পুৱা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে যাত্ৰী সেৱাৰ উন্নতি আৰু ৰে’ল নেটৱৰ্ক আধুনিকীকৰণৰ (Indian Railway) বাবে কেইবাটাও সংস্কাৰৰ কথা চিন্তা কৰা হৈছে। অতি সোনকালে পাঁচটা গুৰুত্বপূৰ্ণ সংস্কাৰ ৰূপায়ণ কৰা হ’ব।

ৰে’ল মন্ত্ৰালয়ে এই সংস্কাৰসমূহ কোনবোৰ ক্ষেত্ৰত কাৰ্যকৰী হ’ব সেই বিষয়ে অৱগত কৰিছে। এই সংস্কাৰসমূহ ২০২৬ চনৰ ভিতৰত কাৰ্যকৰী হ’ব বুলি জনোৱা হৈছে। ইয়াৰ পূৰ্বে ৰে’লৱেই আৰু চাৰিটা সংস্কাৰৰ কথা ঘোষণা কৰিছিল।
এই সংস্কাৰসমূহ ৰে’লৱেৰ ‘ৰিফৰ্ম এক্সপ্ৰেছ’ৰ নতুন পদক্ষেপৰ অংশ।
অশ্বিনীয়ে কয়, “এই পদক্ষেপৰ অধীনত ইতিমধ্যে চাৰিটা সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে। আজি আৰু পাঁচটা সংস্কাৰ ঘোষণা কৰা হৈছে। এই পাঁচটা সংস্কাৰৰ ভিতৰত দুটা সংস্কাৰ পণ্য পৰিবহণৰ সৈতে জড়িত, দুটা যাত্ৰীবাহী সুবিধাৰ সৈতে জড়িত আৰু এটা নিৰ্মাণৰ সৈতে জড়িত।”
ৰে’লৱেই নিমখ পৰিবহণৰ সংস্কাৰ কৰিব বিচাৰিছে। অশ্বিনীৰ মতে, “ভাৰত বিশ্বৰ অন্যতম বৃহৎ নিমখ উৎপাদনকাৰী আৰু ৰপ্তানিকাৰক। তিনিখন প্ৰধান উৎপাদনকাৰী ৰাজ্য হ’ল তামিলনাডু, গুজৰাট আৰু ৰাজস্থান। ভাৰতত প্ৰতি বছৰে উৎপাদিত প্ৰায় ৩.৫ কোটি টন নিমখৰ ভিতৰত ৯২ লাখ টন ৰে’লযোগে পৰিবহণ কৰা হয়।” অৱশ্যে এই পৰিবহণত কিছু সমস্যাৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে ৱেগনৰ অনুপযুক্ত ডিজাইন এটা ডাঙৰ সমস্যা। সেই সমস্যা দূৰ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি পথ পৰিবহণৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে ৰে’ল মন্ত্ৰীগৰাকীয়ে।
কেৱল সেয়াই নহয়, যিকোনো কোম্পানীৰ সৈতে হোৱা চুক্তি অনুসৰি কোনো প্ৰকল্পৰ মান নিশ্চিত কৰাৰ বাবে বা প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰাৰ বাবে কিছু পৰিৱৰ্তন কৰা হৈছে বুলিও ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ উপৰি দীৰ্ঘ দূৰত্বৰ ৰে’লৰ ‘কনফাৰ্মড’ টিকট বাতিল কৰাৰ বাবে ভাৰতীয় ৰে’লৱেই ৰিফাণ্ড নীতিত বৃহৎ পৰিৱৰ্তন কৰিবলৈ ওলাইছে।
ৰে’ল মন্ত্ৰীয়ে কয় যে যদি যাত্ৰীসকলে নিশ্চিত সংৰক্ষিত টিকট ৮ ঘণ্টা বা তাতকৈ কম সময়ৰ ভিতৰত বাতিল কৰে তেন্তে তেওঁলোকে কোনো ধৰণৰ ধন ঘূৰাই নাপাব। পূৰ্বে যদি চাৰি ঘণ্টা বা তাতকৈ কম সময়ৰ ভিতৰত টিকট বাতিল কৰা হয় তেন্তে ভাড়া ঘূৰাই দিয়া হোৱা নাছিল।
যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে’লৱেই অধিক সংস্কাৰৰ কথা ঘোষণা কৰিছে। সংশ্লিষ্ট ৰে’লখন যাত্ৰাৰ আধা ঘণ্টা আগতে যাত্ৰীসকলে নিজৰ ‘বৰ্ডিং ষ্টেচন’ সলনি কৰিব পাৰিব।
অৰ্থাৎ যদি এজন যাত্ৰীয়ে নিৰ্দিষ্ট ষ্টেচনৰ পৰা নামিবলৈ টিকট বুকিং কৰিছে আৰু পিছত যদি তেওঁ আন কোনো ষ্টেচনৰ পৰা নামিব বিচাৰে, তেন্তে যাত্ৰীসকলে সেইটো সলনি কৰিব পাৰে। ৰে’লখন যাত্ৰাৰ ৩০ মিনিট আগলৈকে যাত্ৰীসকলে সেই সুযোগ লাভ কৰিব।











