
ৰাজস্থানৰ জয়পুৰত গাড়ী দুৰ্ঘটনাত মৃত্যু হয় এগৰাকী মডেল তথা অভিনেত্ৰীৰ। মঙলবাৰে নিশা প্ৰায় ১১.৩০ বজাত জয়পুৰৰ শিপ্ৰপথৰ সমীপত ডিভাইডাৰত খুন্দা মাৰি তেওঁৰ গাড়ীখন বাগৰি পৰে। স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে যদিও তাতেই মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ।

আৰক্ষীয়ে জনোৱা মতে, অভিনেত্ৰীগৰাকীৰ নাম হৰ্ষিল কলিয়া (৩০)। ৱেব ছিৰিজ ‘ক্ৰাইম নেক্সট ড’ৰ’ত অভিনয় কৰিছিল। ইয়াৰ উপৰি টিভি চেনেল এটাত নিউজ এংকৰ হিচাপেও কাম কৰিছিল। বহু ৰাজস্থানী গীতৰ ভিডিঅ’ত তেওঁক দেখা গৈছে। শেহতীয়াকৈ মডেলিঙৰ কামত ব্যস্ত আছিল তেওঁ। প্ৰথম অৱস্থাত আৰক্ষীয়ে জানিব পাৰিছে যে মঙলবাৰে নিশা হৰ্ষিলে এটা কাম সম্পূৰ্ণ কৰি ঘৰলৈ উভতিছিল।
তেতিয়াই তেওঁ এটা দুৰ্ঘটনাৰ সন্মুখীন হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে। স্থানীয় ৰাইজে গাড়ীৰ আইনা ভাঙি উদ্ধাৰ কৰে হৰ্ষিলক। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তেওঁ। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।
মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়ে আৰক্ষীয়ে। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, দুৰ্ঘটনাস্থলীৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। হৰ্ষিলে নিয়ন্ত্ৰণ হেৰুৱালে নে আন বাহনে তেওঁৰ গাড়ীত খুন্দা মাৰিলে সেই কথাও জানিবলৈ প্ৰয়াস কৰা হৈছে।










