
মঙলবাৰে দিল্লীৰ এইমছত (AIIMS of Delhi) মৃত্যু (Death) হয় হৰিশ ৰাণা (Harish Rana)ৰ। যোৱা ১৩ বছৰ ধৰি তেওঁ ক’মাত আছিল। উচ্চতম ন্যায়ালয়ে তেওঁৰ ‘পৰোক্ষ’ ইউথেনাচিয়া বা ইচ্ছামৃত্যুৰ (Euthanasia) অনুমতি দিছিল৷ এইটো হৈছে দেশৰ ভিতৰতে প্ৰথম ঘটনা। ইয়াৰ পিছত গাজিয়াবাদৰ ঘৰৰ পৰা বি আৰ আম্বেদকাৰ ইনষ্টিটিউট ৰটাৰী কেন্সাৰ হাস্পতাল, এইমছ, দিল্লীৰ প্ৰশমন যত্ন বিভাগত ভৰ্তি হয়। তাতে ৩১ বছৰীয়া যুৱকজনক জীয়াই ৰখা কৃত্ৰিম ব্যৱস্থাটো ক্ৰমান্বয়ে আঁতৰাই পেলোৱা হয়।
১১ মাৰ্চত উচ্চতম ন্যায়ালয়ে হৰিশৰ পিতৃ-মাতৃৰ আবেদন মানি লৈ তেওঁৰ ‘পৰোক্ষ’ ইউথেনাচিয়াত অনুমোদন জনোৱা হৈছিল। ইয়াৰ পিছত ১৪ মাৰ্চত ঘৰৰ পৰা এইমছলৈ পঠিয়াই দিয়া হয়। বিগত ১৩ বছৰ ধৰি চিকিৎসকে তেওঁক কৃত্ৰিম পুষ্টিৰ ব্যৱস্থা কৰি আহিছিল। মাজে মাজে কৃত্ৰিম অক্সিজেনো দিয়া হৈছিল। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত ক্ৰমান্বয়ে হৰিশক কৃত্ৰিম পুষ্টি দিয়াটো বন্ধ কৰি দিয়া হয়। তেওঁৰ জীৱন-ধাৰণৰ ব্যৱস্থাটো আঁতৰাই পেলোৱা হয়।

উচ্চতম ন্যায়ালয়ে নিজৰ আদেশত কৈছিল যে পৰিকল্পিতভাৱে হৰিশৰ জীৱন সহায়ক ব্যৱস্থা আঁতৰাব লাগে। তেওঁ যাতে মৰ্যাদাৰে মৃত্যুবৰণ কৰিব পাৰে সেয়াও নিশ্চিত কৰিব লাগে। সেই অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াটো কাৰ্যকৰী কৰিবলৈ এইমছত এটা দল গঠন কৰা হয়। ইয়াৰ নেতৃত্বত আছিল চিকিৎসালয়খনৰ এনাস্থেচিয়া আৰু প্ৰশমন যত্ন বিভাগৰ মুৰব্বী সীমা মিশ্ৰ। এই দলটোত স্নায়ু ছাৰ্জাৰী, কেন্সাৰ এনাস্থেচিয়া, প্ৰশমনমূলক চিকিৎসা, মনোবিজ্ঞান বিভাগৰ চিকিৎসকসকলো আছিল।
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল হৰিশ। ২০১৩ চনত হোষ্টেলৰ পঞ্চম মহলাৰ পৰা পৰি আঘাতপ্ৰাপ্ত হয়। তেতিয়াৰে পৰা সম্পূৰ্ণ বিছনাত পৰি আছে। তেওঁৰ পিতৃ-মাতৃয়ে ইচ্ছামৃত্যু বিচাৰি আদালতৰ কাষ চাপে। তেওঁলোকে কয় যে ২০১৩ চনৰ পৰা তেওঁলোকৰ পুত্ৰ বিছনাত পৰি আছে। তেওঁৰ আৰোগ্য হোৱাৰ কোনো সম্ভাৱনা নাই। দিনক দিনে তেওঁৰ অসুখ বাঢ়ি গৈ আছে। এনে পৰিস্থিতিত পুত্ৰৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ তেওঁৰ মৃত্যুৰ প্ৰয়োজন। কিন্তু প্ৰত্যক্ষ ইউথেনাচিয়াৰ সলনি হৰিশৰ বাবে পৰোক্ষ ইউথেনাচিয়াৰ বাবে আবেদন কৰা হয়।
প্ৰত্যক্ষ ইউথেনাচিয়াত চিকিৎসকে ৰোগীক দুখ-কষ্ট লাঘৱ কৰিবলৈ ঔষধ দিয়ে, যাৰ ফলত সোনকালে মৃত্যু হয়। এই ক্ষেত্ৰত ইয়াক বিচৰা হোৱা নাছিল। ইয়াৰ দ্বাৰা চিকিৎসা বন্ধ কৰি জীৱন ধাৰণ ব্যৱস্থা আঁতৰাই জীৱনৰ অন্ত পেলাব লাগে বুলি কোৱা হৈছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে। উচ্চতম ন্যায়ালয়ে হৰিশৰ পিতৃ-মাতৃৰ আবেদনত সন্মতি প্ৰকাশ কৰে।











