
পবিত্ৰ ৰমজান মাহত একেলগে প্ৰাণ হেৰুৱালে চাৰিগৰাকী মুছলমানধৰ্মী লোকে। আনহাতে, আহত এটি শিশুসহ দহ গৰাকী যাত্ৰী।
বোকাজান থানাৰ অন্তৰ্গত লক্ষীজানত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে নিহত হয় চালক সহ তিনিজন আৰোহী।
মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখী AS 21 AC 3357 নম্বৰৰ এখন আল্ট্ৰা বাছে লক্ষীজানত এটা কেকুঁৰী ঘূৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত ব্যক্তি কেইগৰাকী ক্ৰমে মৰিগাওঁ জিলাৰ আব্দুল বাৰেক, খলিল ৰহমান, চাবিনা চুলতানা, আলাল উদ্দিন বুলি চিনাক্ত কৰা হৈছে।
ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰাৰ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
আনহাতে, এটি শিশুসহ আন দহগৰাকী যাত্ৰীক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে।













