ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত, ২১ ফেব্ৰুৱাৰীঃ বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান কোষৰ উদ্যোগত বোকাখাত জে ডি এছ জি মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃ-তত্ত্ব বিভাগৰ সাংস্কৃতিক আৰু শৈক্ষিক বিনিময় কাৰ্য্যসূচী যোৱা ২০ ফেব্ৰুৱাৰীত সফল ভাবে ৰূপায়িত হৈ যায়। ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত অলপতে অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা ৰঞ্জিত কলিতা, নাটক ‘মায়ংজকা’ৰ নাট্যকাৰ অমৰ শৰ্মা আৰু পৰিচালক তৰুণ তীৰ্থ শইকীয়াকো আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে মহাবিদ্যালয় শিক্ষক গোট, মহাবিদ্যালয় আছু গোট আৰু ছাত্ৰ একতা সভাই। সম্বৰ্দ্ধনা অনুষ্ঠানৰ পাছতে মহাবিদ্যালয়ৰ অধ্যপক অতুল বেজবৰুৱাৰ পৰিচালনাত মহাবিদ্যালয় সংগীত পৰিবেশন কৰা হয়, তাৰ পাছতেই মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা নেপালী লোক সংগীত, চাহ বাগানীয়া সকলৰ লোক সংগীত, নাও খেলৰ গীত, বিহু নৃত্য, ঐনিতম আৰু নাটক ‘মায়ংজকা’ পৰিবেশন কৰা হয়। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে দুটা ভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে। ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদক বিশ্বজিৎ দাসে আঁত ধৰা অনুষ্ঠানত ৰঞ্জিত কলিতাৰ পিতৃ পংকজ কলিতা আৰু মাতৃ নিৰ্মালী কলিতাকো মঞ্চত সকলোৰে সন্মুখত পৰিচয় কৰাই দিয়ে।
মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে তেওঁৰ ভাষণত কয় যে এনে ধৰণৰ অনুষ্ঠানে ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক শৈক্ষিক বিকাশেই নহয় মানসিক ভাৱেও সুস্থ কৰি তোলে। উক্ত অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° জয়ন্ত গগৈ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ প্ৰাধ্যাপক ড° আৰিফ জামান জে ডি এছ জি মহাবিদ্যালয়ৰ শৈক্ষিক তত্বাবধায়ক কমল গগৈ, আভ্যন্তৰীণ মান নিশ্চিত কোষৰ সম্বনয়ক গোপীকানন্দ শইকীয়া, অধ্যাপকবৃন্দ শান্তি ছায়া বৰুৱা, দিপালী ৰাজখোৱা ফুকন, দিপালী ৰাজকুমাৰী, প্ৰশান্ত শইকীয়া জয়ন্ত দাস আৰু মহাবিদ্যালয়ৰ অন্যান্য অধ্যপক সকলৰ লগতে বোকাখাতৰ নাট্যকর্মী ৰাতুল ফুকন, প্ৰণৱ শইকীয়া আদিও উপস্থিত থাকে। শেষত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সুস্থ সহযোগিতাৰ বাবে সমূহ ছাত্ৰ ছাত্ৰীক ছাত্ৰ একতা সভাই ধন্যবাদ জনায়।
আনহাতে একে অনুষ্ঠানতে মহাবিদ্যালয়ৰ পৰা যুৱ মহোৎসৱৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাট্যকাৰ অমৰ শৰ্মাৰ “মায়ংজকা” একাংক নাটখনিৰ প্ৰদৰ্শন কৰা হয়। নাটখনিৰ পৰিচালনা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী বোকাখাতৰ প্ৰতিভা সম্পন্ন উদীয়মান নাট পৰিচালক তৰুণ তীৰ্থ শইকীয়াৰ। উল্লেখ্য যে সৰ্বমুঠ ৭৫ৰো অধিক মহাবিদ্যালয়ৰ নাট্যদল সমূহে অংশগ্ৰহণ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ একাংক নাট প্ৰতিযোগিতাখনিত ধাহ্য কৰি দিয়া মুঠ পাঁচটি চূড়ান্ত পুৰস্কাৰৰ মাজৰ এটা পুৰস্কাৰ বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ে লাভ কৰা বিষয়টোৱে মহাবিদ্যালয়খনিৰ লগতে বোকাখাততো যথেষ্ট গুৰুত্ব লাভ কৰিছিল। নাটখনিৰ সংগীতত আছে তন্ময় শইকীয়া আৰু কংকন শইকীয়া, অভিনয়ত ৰঞ্জিত কলিতাৰ লগতে আছে ক্ৰমে মৃত্যুঞ্জয় শইকীয়া, প্ৰাঞ্জল জ্যোতি দত্ত, ঈশ্বী কুটুম, প্ৰাংগনা বৰা, মঞ্জিত শৰ্মা, বৈদুৰ্য্য তামুলী আৰু মধুস্মিতা দত্ত।