
ইৰাণ (Iran)ৰ ওপৰত ইজৰাইল (Isael)ৰ আক্ৰমণক ‘ইহুদী পৰিকল্পনা’ (Jewish plan) বুলি অভিহিত কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী (Pak Diffence Minister) খোৱাজা আছিফে (Khuwaja Asif)। ভাৰতৰ লাভৰ বাবে ইৰাণৰ শাসন ব্যৱস্থা সলনি কৰাৰ ক্ষেত্ৰত টেল আভিভ সক্ৰিয় হৈ থকাৰ অভিযোগ উত্থাপন কৰে।
এক্স পোষ্টত আছিফে লিখিছে, “ইৰাণত যদি শাসন ব্যৱস্থা সলনি হয়, তেন্তে ই ইজৰাইলৰ যৌথ এজেণ্ডা হ’ব, ভাৰত আৰু আফগানিস্তানৰ সহযোগত। ইয়াৰ লক্ষ্য হৈছে পাকিস্তানৰ বিৰুদ্ধে শত্ৰুতা।” তেওঁ লগতে অভিযোগ কৰে যে ভাৰতে ইতিমধ্যে আফগান শাসকীয় তালিবানক ‘প্ৰক্সি’ হিচাপে পাকিস্তানৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে। আছিফৰ মন্তব্য, “তেওঁলোকৰ লক্ষ্য এতিয়াও ইজৰাইলৰ প্ৰভাৱ পাকিস্তানৰ সীমান্তলৈকে সম্প্ৰসাৰণ কৰা।” ইৰাণত যদি শাসন ব্যৱস্থা সলনি হয় তেন্তে ভাৰত-আফগানিস্তানৰ সৈতে ‘ত্ৰিপাক্ষিক’ অক্ষ গঠন কৰি ভৱিষ্যতে পাকিস্তানৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব বুলিও পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে।

মঙলবাৰে ছ’চিয়েল মিডিয়াত আছিফে লিখিছে, “ফলত আমাৰ সীমান্ত নিৰাপত্তাহীন হৈ পৰিব। শত্ৰুৱে আমাক চাৰিওফালে ঘেৰি ৰাখিব।” ২১ ফেব্ৰুৱাৰীত পাকিস্তানে আফগানিস্তানৰ নংগাৰহৰ আৰু পাক্তিকা প্ৰদেশৰ কেইবাটাও স্থানত ব্যাপক বোমা বিস্ফোৰণ অভিযান চলাইছিল। উক্ত আক্ৰমণত ১৯ জনতকৈ অধিক সাধাৰণ নাগৰিক নিহত হৈছিল। পাকিস্তানী সেনাই দাবী কৰিছে যে আফগানিস্তানত সক্ৰিয় তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) (TTP) সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি ধ্বংস কৰা হৈছে। কিন্তু তালিবানে এই অভিযোগ অস্বীকাৰ কৰি ইছলামাবাদক নিৰীহ গাঁৱৰ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেই ঘটনাৰ পিছৰে পৰা ডুৰাণ্ড লাইনৰ বিভিন্ন অঞ্চলত পাকিস্তানী সেনা আৰু আফগান বাহিনীৰ মাজত সংঘৰ্ষ সংঘটিত হৈ আহিছে। আফগান তালিবানে প্ৰতিশোধ ল’বলৈ বদ্ধপৰিকৰ বুলি কয়।











