
প্ৰতি চাৰিজন আমেৰিকান লোক (American people)ৰ ভিতৰত এজনেহে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump) ইৰাণক আক্ৰমণ (Iran attack) কৰাৰ সিদ্ধান্ত সঠিক বুলি ভাবে। অৰ্থাৎ বাকী চাৰিজন আমেৰিকান লোকৰ ভিতৰত তিনিজন চৰকাৰৰ সিদ্ধান্তৰ বিৰোধী। এই তথ্য ৰয়টাৰৰ এক সমীক্ষাৰ পৰা ওলাইছে। সমীক্ষাত অংশগ্ৰহণ কৰা অধিকাংশয়ে ভাবে যে ট্ৰাম্প যুদ্ধৰ প্ৰতি অত্যন্ত আগ্ৰহী। ক্ষমতালৈ অহাৰ পিছৰে পৰা ইটোৰ পিছত সিটোকৈ আক্ৰমণৰ নিৰ্দেশ দি আহিছে।
যোৱা শনিবাৰে আমেৰিকা আৰু ইজৰাইলৰ যৌথ বাহিনীয়ে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল। য’ত দেশৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লা আলী খামেইনীকে ধৰি কেইবাজনো শীৰ্ষ নেতাক হত্যা কৰা হৈছিল। ইৰাণেও প্ৰতিশোধ লৈছে। পশ্চিম এছিয়াৰ বিভিন্ন দেশত এতিয়াও ইৰাণৰ আক্ৰমণ অব্যাহত আছে। সংঘাত আৰম্ভ হোৱাৰ পিছতে ৰয়টাৰে এই সমীক্ষা আৰম্ভ কৰে। দেওবাৰে নিশালৈকে চলা এই অনলাইন সমীক্ষাত আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ পৰা ১২৮২ জন লোকে অংশগ্ৰহণ কৰে। তাত দেখা গৈছে যে ইয়াৰে ২৭ শতাংশই ইৰাণক আক্ৰমণ কৰাৰ সপক্ষে ভোটদান কৰে।

ইয়াৰে ৫৫ শতাংশ ৰিপাব্লিকান। ৪৩ শতাংশ লোক ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰোধী আৰু ৭৪ শতাংশ ডেম’ক্ৰেট আৰু ১৩ শতাংশ ৰিপাব্লিকান এই তালিকাত আছে। বাকী ৩০ শতাংশ আমেৰিকান লোকে এই বিষয়ত কোনো মন্তব্য দিব বিচৰা নাই। সমীক্ষাত অংশগ্ৰহণ কৰাসকলক ট্ৰাম্পৰ যুদ্ধ নীতিৰ বিষয়ে সোধা হৈছিল। যোৱা কেইমাহমানৰ পৰা ট্ৰাম্পে ভেনিজুৱেলা, ছিৰিয়া আৰু নাইজেৰিয়াত আক্ৰমণৰ নিৰ্দেশ দিছে। যোৱা বছৰ ইৰাণৰ ওপৰতো আক্ৰমণ সংঘটিত হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সামৰিক বাহিনী ব্যৱহাৰ কৰিবলৈ বৰ আগ্ৰহী নেকি? সমীক্ষাত ৫৬ শতাংশ আমেৰিকান লোকে এই প্ৰশ্নৰ উত্তৰ ‘হয়’ দিছে। ইয়াৰে ৮৭ শতাংশ ডেম’ক্ৰেট। ২৩ শতাংশ ৰিপাব্লিকানেও এই মতামত সমৰ্থন কৰিছে। তেওঁলোকে ভাবে যে ট্ৰাম্প যুদ্ধৰ প্ৰতি অতি আগ্ৰহী।
দেওবাৰে আমেৰিকাই স্বীকাৰ কৰে যে ইৰাণৰ ওপৰত হোৱা আক্ৰমণত তিনিজন আমেৰিকান জোৱান নিহত হৈছে। অৱশ্যে ইয়াৰ পূৰ্বে ৰয়টাৰৰ সমীক্ষা বন্ধ হৈ পৰিছিল। ট্ৰাম্পে দাবী কৰিছে যে আৰু অধিক আমেৰিকান সেনা হত্যা হ’ব পাৰে। তেওঁৰ দলৰ ৪২ শতাংশ লোকে কয় যে আমেৰিকাৰ সেIIনাৰ ক্ষতি হ’লে ইৰাণৰ ওপৰত কৰা আক্ৰমণক সমৰ্থন নকৰে। ইয়াৰ উপৰি যুদ্ধৰ বাবে তেলৰ মূল্যও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। সেই বিষয়ে আমেৰিকানসকলৰ মাজত এক সুকীয়া চিন্তা আছে।
ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ বিৰুদ্ধে দেওবাৰে দেশৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ প্ৰতিবাদ সাব্যস্ত কৰে। হোৱাইট হাউছৰ বাহিৰত আৰু টাইমছ স্কোৱাৰত একাংশ লোকে বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁলোকে দাবী কৰে যে ট্ৰাম্পে ইজৰাইলৰ সৈতে হাত মিলাই আমেৰিকান কংগ্ৰেছক আন্ধাৰত ৰাখি ইৰাণক আক্ৰমণ কৰিছে। যদিও খামেইনীৰ মৃত্যুৰ পিছত আমেৰিকাত ইৰাণী নাগৰিকসকলৰ মাজত আনন্দ দেখা গৈছে।










