
ইৰাণ (Iran)ৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ (Israel-America) আক্ৰমণ (Attack) আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থাকিব (continue for four to five weeks) পাৰে। দেওবাৰে নিশা (আমেৰিকান সময় অনুসৰি) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিউয়ৰ্ক টাইমছক এইদৰে কয়। তেওঁ দাবী কৰে যে প্ৰয়োজন হ’লে ইৰাণৰ ওপৰত আৰু চাৰি-পাঁচ সপ্তাহলৈকে আক্ৰমণ চলি থাকিব পাৰে। সেইটোত আমেৰিকাৰ কোনো সমস্যা নহ’ব৷ এই আক্ৰমণত ইজৰাইলেও আমেৰিকাৰ সমৰ্থন লাভ কৰিব। ছয় মিনিটৰ টেলিফোনিক বাৰ্তালাপত ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত ইৰাণৰ বাবে আমেৰিকাৰ পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে কয়। তেওঁ দাবী কৰে যে ইৰাণৰ নেতা হিচাপে তেওঁৰ মনত তিনিজন লোক আছে। অৱশ্যে ইৰাণৰ শাসন ব্যৱস্থা কেনেকৈ হস্তান্তৰ হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ট্ৰাম্পে কয় যে ইৰাণ কোনে চলাব তাৰবাবে তেওঁৰ ওচৰত তিনিটা মহান নাম আছে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগে লগে এই নামসমূহ ৰাজহুৱা কৰিব বিচৰা নাই। তেওঁ কয়, “মই এতিয়া সেই তিনিটা নাম নকওঁ। প্ৰথমে কামটো কৰা হওক।”
খামেইনি তিনি দশকৰো অধিক সময় ইৰাণৰ সৰ্বোচ্চ নেতা আছিল। শনিবাৰে তেহৰাণত আমেৰিকা-ইজৰাইল বাহিনীৰ আক্ৰমণত তেওঁক হত্যা কৰা হয়। তেতিয়াৰে পৰাই পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰিছে। সমগ্ৰ অঞ্চলটোত আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰিছে ইৰাণে।

ফলত সংযুক্ত আৰব আমিৰশ্বাহী, কাটাৰ, বাহৰেইন, চৌদি আৰবৰ দৰে দেশো অস্থিৰ হৈ পৰিছে। সোমবাৰে পুৱা ইজৰাইলে লেবাননতো ইৰাণৰ সমৰ্থিত সশস্ত্ৰ সংগঠন হিজবুল্লাৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই পৰিস্থিতিত ইৰাণৰ ক্ষমতা হস্তান্তৰৰ বিষয়ে নিজৰ মতামত সোধাত ট্ৰাম্পে কয় যে আমেৰিকাই আশা কৰিছে যে খামেইনিৰ মৃত্যুৰ পিছত ইৰাণৰ সেনাই নিজৰ স্থিতি সলনি কৰি দেশৰ জনসাধাৰণৰ ওচৰত আত্মসমৰ্পণ কৰিব। অন্যথা ভেনিজুৱেলাৰ দৰে একে নীতি ইৰাণৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব পাৰে বুলি ট্ৰাম্পে কয়।
কিন্তু বাস্তৱত ইৰাণ ইমান সহজে আত্মসমৰ্পণ কৰিবলৈ ইচ্ছুক নহয়। খামেইনিৰ মৃত্যুৰ পিছত তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে যে দেশ চলাবলৈ তিনিজনীয়া পৰিষদ গঠন কৰা হ’ব। খামেইনিৰ ঘনিষ্ঠ আলিৰেজা আৰাফীক সৰ্বোচ্চ নেতা হিচাপে ঘোষণা কৰা হৈছে। খামেইনিৰ হত্যাকাণ্ডৰ প্ৰতিশোধৰ বাৰ্তা দিছে তেহৰাণে। ট্ৰাম্পে কয় যে তেওঁ নিবিচাৰে পশ্চিম এছিয়াৰ আন আৰব দেশসমূহে ইৰাণক ‘শিক্ষা’ দিবৰ বাবে যুদ্ধত আমেৰিকাৰ সেনাবাহিনীত যোগদান কৰক। তাৰবাবে আমেৰিকা আৰু ইজৰাইলৰ সেনাই যথেষ্ট।










