
পিতৃ-মাতৃৰ সৈতে বিয়া খাবলৈ গৈ ধর্ষিতা (Rape) হ’ল এজনী ১৩ বছৰীয়া কিশোৰী (13 yrs Girl)। এই চাঞ্চল্যকৰ ঘটনাটি ঘটিছে ঝাড়খণ্ডৰ লাতেহাৰ জিলা (Latehar district, Jharkhand)ৰ মহুয়াবন্দ থানাৰ অধীনস্থ অঞ্চলত। ইতিমধ্যে আৰক্ষীয়ে পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ (5 persons arrested) কৰিছে।
জানিব পৰা মতে, শুকুৰবাৰে নিশা মহুয়াবন্দ গাঁৱৰ এজন ব্যক্তিৰ ঘৰত বিয়াৰ অনুষ্ঠান আছিল। তালৈ ১৩ বছৰীয়া এগৰাকী কিশোৰী পিতৃ-মাতৃৰ সৈতে গৈছিল। বিয়াঘৰত কেইবাজনো আমন্ত্রিত অতিথিয়ে তেওঁক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। কিশোৰীগৰাকীক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি হস্পিটেললৈ লৈ যোৱা হয় আৰু বৰ্তমান তাতেই চিকিৎসাধীন হৈ আছে। নির্যাতিতাৰ মাতৃয়ে ৰুজু কৰা এফ আই আৰৰ ভিত্তিত প্রথমে আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। শনিবাৰে আৰু তিনিজন ধৰা পৰে।

ঝাড়খণ্ড আৰক্ষীৰ সূত্ৰ মতে, বিয়াঘৰৰ পৰা কিশোৰীগৰাকীক কিছু দূৰলৈ কেইজনমান যুৱকে মাতি লৈ গৈছিল। তাৰ পিছত নির্জন এক স্থানত তেওঁৰ ওপৰত অত্যাচাৰ চলে। তাৰ পিছত তেওঁক তাতে এৰি অভিযুক্তই পলায়ন কৰে।
ইতিমধ্যে ধৃত অভিযুক্তই নিজৰ দোষ স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, কিশোৰীগৰাকী গণধৰ্ষণৰ বলি হৈছে। অভিযুক্তই থানাত অপৰাধ স্বীকাৰ কৰিছে। ভুক্তভোগীৰ স্বাস্থ্য পৰীক্ষাও কৰা হৈছে। ধৃত অভিযুক্তৰ বিৰুদ্ধে নির্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু আদালতত হাজিৰ কৰোৱা হ’ব।











