
অন্ধ্ৰপ্ৰদেশৰ আতচবাজী কাৰখানাত (Explosion in the firecracker factory) আন এক বিস্ফোৰণ (Blast)। বিস্ফোৰণত উৰি যায় কাৰখানাটোৰ চাল। বিস্ফোৰণৰ সময়ত বহু লোকে কাৰখানাটোত কাম কৰি আছিল। এই বিস্ফোৰণত কমেও ২০ জন লোকৰ মৃত্যু (20 person death) হোৱা বুলি জানিব পৰা গৈছে। আনহাতে, গুৰুতৰভাৱে আহত হৈছে বহু লোক।
জানিব পৰা মতে, শনিবাৰে দিনৰ প্ৰায় ২.৪৫ বজাত অন্ধ্ৰপ্ৰদেশৰ (Andra Pradesh) কাকিনাড়া জিলাৰ ভেটলাপালেম গাঁৱৰ এটা আতচবাজী কাৰখানাত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ লগে লগে কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হয়। যিহেতু আতচবাজী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা বহুতো মচলা আৰু ৰাসায়নিক পদাৰ্থ কাৰখানাটোত জমা হৈ আছিল, সেয়েহে জুই দ্ৰুতগতিত বিয়পি পৰাত বিস্ফোৰণ ঘটে। স্থানীয় সূত্ৰৰ মতে বিস্ফোৰণৰ প্ৰভাৱ ইমানেই বেছি যে শ্ৰমিকৰ মৃতদেহ দূৰ-দূৰণিত সিঁচৰতি হৈ পৰে।

অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাত সিঁচৰতি হৈ আছে কেইবাটাও আতচবাজী কাৰখানা। জিলাখনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জনাইছে যে ভেটলাপালেম গাঁৱৰ এটা কাৰখানাত বিস্ফোৰণ ঘটিছে। উদ্ধাৰ হৈছে কমেও ২০ জন শ্ৰমিকৰ জ্বলি যোৱা মৃতদেহ। অৱশ্যে কাৰখানাটোত বহু লোকে কাম কৰি আছিল। বিস্ফোৰণৰ ফলত বহু মৃতদেহ জ্বলি যায়। ইয়াৰে কেইবাজনো লোকৰ অৱস্থা সংকটজনক। সেয়ে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰ মতে, অগ্নিকাণ্ডৰ তীব্ৰতা ইমানেই বেছি যে দ্ৰুতগতিত বিয়পি পৰে। ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ উপৰি আৰক্ষী আৰু উদ্ধাৰকাৰী দল। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰাৰ পিছত সম্পূৰ্ণ তদন্ত কৰা হ’ব। বিগত বৰ্ষৰ অক্টোবৰ মাহত অন্ধ্ৰপ্ৰদেশৰ পূব গোদাৱৰীত এটা আতচবাজী কাৰখানাত সংঘটিত অগ্নিকাণ্ড আৰু তাৰ পাছত বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু হৈছিল।











