
দুবছৰ ধৰি আছিল প্রমৰ সম্পৰ্ক। কিছু দিন ধৰি একেলগে থাকিব লৈছে। তাৰ পিছতো বিয়াৰ বাবে অন্য ছোৱালী চাইছে প্ৰেমিকে। আনকি এই কথাও শুনিব পালে যে বিয়াও হৈ গৈছে! এই কথা জনাৰ পিছতে প্ৰেমিকৰ যৌনাঙ্গ ক্ষত-বিক্ষত (Lover’s genitals are mutilated) কৰি পেলালে লিভ ইন সঙ্গিনী (Live-in partner)য়ে। এই চাঞ্চল্যকৰ ঘটনাটি ঘটিছে উত্তৰ দিল্লীৰ ৱাজিৰাবাদ (Wazirabad, Delhi)ত।
আক্রান্ত যুৱকজনৰ নাম বিসর্জিত। বয়স ২২ বছৰ। উত্তৰ প্রদেশৰ (UP) ৰামপুৰ (Rampur Dist) জিলাৰ বাসিন্দাগৰাকী কৰ্মসূত্রে দিল্লীত থাকে। তাতেই আমিনা খাতুন নামৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ পৰিচয় হয়। তাৰ পিছত দুয়োৰে মাজত সম্পর্ক গঢ়ি উঠে। বহু দিন তেওঁলোকে শয্যাসংগী হিচাপেও আছিল।
আৰক্ষীৰ সূত্র অনুসৰি, যোৱা ২৫ ফেব্রুৱাৰীত ৱাজিৰাবাদত হিন্দু ৰাও হস্পিটেলত এজন যুৱকক ভর্তি কৰোৱাৰ খবৰ লাভ কৰি অনুসন্ধান চলায়। হস্পিটেল কর্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হয় যে যুৱকজনৰ যৌনাঙ্গৰ একাংশ কটা গৈছে। এই ঘটনা কেনেদৰে ঘটিল তাৰ খা-খবৰ লোৱা হয়।

আৰক্ষী হস্পিটেললৈ গৈ চিকিৎসকৰ সৈতে কথা পাতি আক্রান্ত যুৱকজনৰ ভাষ্য গ্ৰহণ কৰে। আঘাতপ্ৰাপ্ত যুৱকজনে জনায় যে তেওঁৰ এই অৱস্থাৰ বাবে দায়ী প্রেমিকা। তেওঁ জনায়, ২ বছৰ ধৰি আমিনাৰ সৈতে তেওঁ প্রেম কৰিছে। সকলোবোৰ স্বাভাৱিকে আছিল। কিন্তু যোৱা ২৫ ফেব্রুৱাৰী নিশা শুবলৈ যোৱাৰ পূৰ্বে তেওঁক এগিলাচ গাখীৰ খাবলৈ দিয়ে। গাখীৰ গিলাচ খোৱাৰ পিছতে তেওঁ অচেতন হৈ পৰে। সেই সময়তে পাচলি কটা ছুৰীৰে প্রেমিকাই তেওঁৰ যৌনাঙ্গত আঘাত কৰে।
আৰক্ষীৰ তদন্তত জানিব পৰা যায় যে প্রেমিকাই কিবা প্ৰকাৰে জানিব পাৰিছিল যে প্রেমিকৰ ইতিমধ্যে বিয়া হৈ গৈছে বা হ’বলৈ আগবাঢ়িছে। কিন্তু এই সন্দৰ্ভত প্রেমিকে তেওঁক একো নোকোৱাৰ খঙতে এই কাণ্ড সংঘটিত কৰে। বৰ্তমান যুৱতীগৰাকী পলাতক আৰু তদন্তকাৰীয়ে তেওঁৰ সন্ধান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে গোচৰো ৰুজু কৰা হৈছে।
জানিব পৰা মতে, যুৱতীগৰাকী বিহাৰৰ কাটিহাৰৰ বাসিন্দা। সম্প্রতি দিল্লীত আছিল। তেওঁৰ ঘৰতো আৰক্ষীয়ে অনুসন্ধান চলাইছে।










