
সংঘৰ্ষ বন্ধ কৰিবলৈ ইৰান, ৰাছিয়া আৰু চীনে মধ্যস্থতাৰ প্ৰস্তাৱ দিলেও পাকিস্তান আৰু আফগানিস্তানৰ (Pak army attack afganistan) মাজত এতিয়াও সংঘৰ্ষ চলি আছে। শুকুৰবাৰে আফগানিস্তানে ইংগিত দিছিল যে আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধান কৰিব পাৰি। কিন্তু তাৰ পাছতো দেখা গৈছে, আকাশসীমা অতিক্ৰম কৰি আফগানিস্তানত পাকিস্তানে আক্ৰমণ কৰিছে।

শনিবাৰে তেওঁলোকে পুনৰবাৰ দাবী কৰিছে যে আক্ৰমণত ৩০০ আফগান তালিবানৰ মৃত্যু হৈছে। পাকিস্তানৰ তথ্য প্ৰযুক্তি মন্ত্ৰী আতাউল্লা তাৰাৰৰ দাবী, পুৱালৈকে চলোৱা আক্ৰমণত আফগানিস্তানৰ ঘাটিসমূহ লক্ষ্য কৰি লোৱা হৈছিল। ৮৯টা ঘাটি ধ্বংস কৰাৰ লগতে ১৩৫টা টেংক বিধ্বস্ত হোৱাৰ দাবী কৰিছে।
মন্ত্ৰী তাৰাৰৰ লগতে দাবী, পাক বায়ুসেনাই শুকুৰবাৰে পুৱা আফগানিস্তানৰ ২৯ টা স্থানত বোমাবৰ্ষণ কৰে। সেই আক্ৰমণতো বহু লোক আহত হৈছে। অৱশ্যে পাকিস্তানৰ এই দাবী আফগানিস্তানে খণ্ডন কৰি ওলোটাই তেওঁলোকে দাবী কৰিছে, পাকিস্তানৰ কেইবাটাও সেনা চকী ধ্বংস কৰিছে।
এই আক্ৰমণত বহু পাকিস্তানী সেনা নিহত হোৱা বুলিও দাবী কৰা হৈছে। উল্লেখ্য যে কেইদিনমান পূৰ্বে আফগানিস্তানে পাকিস্তানৰ ৫৯ টা স্থানত আক্ৰমণ কৰিছিল। তাৰ পিছতে গজব লিল-হক অভিযান আৰম্ভ কৰে পাকিস্তানে।
সীমান্তত দুয়োপক্ষৰ মাজত তীব্ৰ যুদ্ধ লাগে। তাৰ মাজতে পাকিস্তানে আফগানিস্তানৰ আকাশসীমালৈ প্ৰৱেশ কৰি একেৰাহে বোমা বৰ্ষণ কৰে। সেই আক্ৰমণত বহুজন আহত হয়। তাৰ পিছতেই বুধবাৰে আফগানিস্তানে সতৰ্কবাণী দিছিল যে ইয়াৰ প্ৰতিশোধ লোৱা হ’ব।
উক্ত সর্কবাণীৰ ২৪ ঘণ্টা ভিতৰত পাকিস্তানে আফগানিস্তানত আক্ৰমণৰ তীব্ৰতা আৰু বৃদ্ধি কৰে। সীমান্তৰ কাষত থকা বহু সেনা ছাউনি ধ্বংস হোৱা বুলি কাবুলে দাবী কৰে।
ইছলামাবাদৰ সেনা টিতো আক্ৰমণ হোৱা বুলি দাবী কৰে তেওঁলোকে। উল্লেখ্য যে য’ত ড্ৰোনৰ জৰিয়তে আক্ৰমণ কৰা হয়, তাৰ চাৰি কিলোমিটাৰ দূৰৈত আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফৰ কাৰ্যালয়।











