ডিফুঃ ‘কাৰবি আংলঙত বনবিভাগৰ সহযোগিতাৰ বাবে অব্যাহত আছে বনজ সম্পদৰ অবৈধ খনন’ এই গুৰুতৰ অভিযোগ সন্মিলিত কাৰবি আংলং জিলা ছাত্ৰ পৰিষদৰ ৷অসমৰ খনি বিভাগৰ তৰফৰ পৰা কাৰবি আংলং জিলাৰ ভিতৰত শিল, বালি আৰু কয়লাৰ খনন বন্ধ কৰা হৈছে বুলি ঘোষণা কৰা হৈছে যদিও জিলাখনত এতিয়াও কেতবোৰ দুষ্ট চক্ৰই বনজ সম্পদৰ খনন অব্যাহত ৰখাৰ লগতে সৰবৰাহো কৰি আছে ৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে এই অভিযোগ কৰে ছাত্ৰ সংগঠন সন্মিলিত কাৰবি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকাই ৷
সংগঠনটোৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাৰ স্বাক্ষৰিত প্ৰেছ বিবৃতিটোত জিলাখনত বনবিভাগৰ ছত্ৰছায়াতেই জিলাখনত বনজ সম্পদ সমুহৰ লুণ্ঠন চলি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ বনবিভাগৰ সহযোগিতাৰ বাবে এখন টিপি চালানেৰেই জিলাখনত কেইবাবাৰো শিল বাল্ কঢ়িয়াই থকা হৈছে ৷ এই ক্ষেত্ৰত জিলাখনত বৃহৎ কমিছনৰাজ গঢ়ি উঠিছে বুলি অভিযোগ কৰিছে উছুকাৰ সাধাৰণ সম্পাদক গৰাকীয়ে৷ সেয়ে উছুকাৰ সাধাৰণ সম্পাদক গৰাকীয়ে বিবৃতি যোগে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষক এক তদন্তৰ দাবী কৰে ৷ ইয়াৰ অন্যথাই সংগঠনটোৱে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷ জিলাখনত বনজ সম্পদ সমূহৰ লুণ্ঠনকলৈ চলি থকা সৰব চৰ্চাৰ মাজতে ছাত্ৰ সংগঠন উছুকাৰ বিষয়টোকলৈ শেহতীয়াকৈ সৰব হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷