
সাংবিধানিক পদত অধিষ্ঠিত (Constitutionally established position) হৈ কোনো ব্যক্তিয়ে কোনো বিশেষ সম্প্ৰদায়ক ধৰ্ম (Riligion), জাতি (Caste), ভাষা বা অঞ্চলৰ ভিত্তিত (language or region) আক্ৰমণ কৰিব নোৱাৰে (Cannot attack)। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ (Suprem Court)। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ যে চৰকাৰী পদত অধিষ্ঠিত ব্যক্তি হওক বা সাধাৰণ মানুহ হওক, কোনোৱেই কোনো বক্তৃতা, মিম, কাৰ্টুন বা দৃশ্য কলাৰ জৰিয়তে কোনো সম্প্ৰদায়ক অপমান কৰিব নোৱাৰে।
শেহতীয়াকৈ নীৰজ পাণ্ডেৰ পৰিচালনাত নিৰ্মিত এখন ছবিৰ নামক লৈ বিতৰ্কৰ সৃষ্টি হয়। অভিযোগ উত্থাপন হৈছিল যে ছবিখনৰ নামটোৱে এটা বিশেষ সম্প্ৰদায়ক অপমান কৰা বুলি অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছিল। ইতিমধ্যে ছবিখনৰ প্ৰযোজকসকলে নাম সলনি কৰিবলৈ সন্মত হৈছে। ফলত গোচৰটোও নিষ্পত্তি কৰা হৈছে। বুধবাৰে উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায়দান কৰে। উক্ত গোচৰৰ সুকীয়া ৰায়দানত ন্যায়াধীশ উজ্জ্বল ভূঞাই এই পৰ্যবেক্ষণ কৰে।

ন্যায়াধীশ ভূঞাই এই নিৰ্দেশনাত লিখিছে, “ধৰ্ম, জাতি, ভাষা বা অঞ্চলৰ ভিত্তিত এটা বিশেষ সম্প্ৰদায়ক আক্ৰমণ কৰাটো সংবিধান উলংঘা। তেওঁ যিয়েই নহওক, এইটো বিশেষভাৱে উচ্চ সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য। কাৰণ তেওঁলোকে সংবিধান ৰক্ষাৰ শপত গ্ৰহণ কৰিছে।”
এই গোচৰটো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠত আছিল। ১৯ ফেব্ৰুৱাৰীত আদালতে গোচৰটো নিষ্পত্তি কৰে। সেইদিনা নীৰজৰ শপতনামা লাভ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে গোচৰটো নিষ্পত্তি কৰে। গোচৰটো নিষ্পত্তি কৰাৰ সময়ত ন্যায়াধীশসকলে লগতে কয় যে অনাগত দিনত ইয়াক লৈ আৰু কোনো বিতৰ্ক নহ’ব বুলি আদালতে আশা কৰিছে। এনে পৰিস্থিতিত ন্যায়াধীশ ভূঞাই বুধবাৰে নিজৰ ৰায়দানত দেশবাসীৰ মাজত ভাতৃত্ববোধ আৰু দেশৰ ঐক্যৰ কথা উল্লেখ কৰে। ন্যায়াধীশ ভূঞাই লিখিছে, “ভাতৃত্ববোধ গঢ়ি তোলা আৰু জাতি, ধৰ্ম বা ভাষা নিৰ্বিশেষে সকলো নাগৰিকক সন্মান কৰাটোৱেই হৈছে সাংবিধানিক ধৰ্ম। আমাৰ প্ৰত্যেকেই ইয়াক অনুসৰণ কৰা উচিত।”
শেহতীয়াকৈ ৰাজনীতিবিদসকলে বিভিন্ন ক্ষেত্ৰত ‘অসংবেদনশীল’ মন্তব্য কৰা দেখা গৈছে। এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ৰ এই মন্তব্যই পুনৰবাৰ সকলোকে সাংবিধানিক স্থিতিৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।











