
মঙলবাৰে তেওঁক উৎকোচ (Bribe) লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ (Arrested on charges) কৰে ভিজিলেন্স বিভাগে (Vigilance Department)। এইবাৰ খনি বিভাগৰ বিষয়াগৰাকীৰ ঘৰত তালাচী চলাই কোটি কোটি টকা উদ্ধাৰ (Recover crores of rupees) কৰা হয়। ওড়িশাৰ ভুৱনেশ্বৰ (Bhubaneswar)ত সংঘটিত হৈছে এই ঘটনা।
সূত্ৰ অনুসৰি, ধৃত খনি বিভাগৰ উপ-সঞ্চালকগৰাকীৰ নাম দেৱব্ৰত মহন্ত (Debabrat Mahanta) । তেওঁ কটক চক্ৰৰ খনি বিভাগৰ উপ-সঞ্চালক। দীৰ্ঘদিন ধৰি তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছিল। কয়লা ব্যৱসায়ীৰ পৰা উৎকোচ লোৱাৰ অভিযোগো পোহৰলৈ আহে। অভিযোগৰ পুনৰাবৃত্তি হোৱাৰ লগে লগে ৰাজ্যিক ভিজিলেন্স বিভাগৰ বিষয়াসকলে বিষয়াজনক হাতে-লোতে ধৰিবলৈ ফান্দ পাতে। মঙলবাৰে কয়লা ব্যৱসায়ীৰ পৰা ৩০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে তেওঁ হাতে-লোতে ধৰা পৰে।

তদন্তকাৰীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ব্যৱসায়ীজনক সুযোগ দিয়াৰ প্ৰতিশ্ৰুতি দি বিষয়াজনে এই ধন লৈছিল। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত ভিজিলেন্সে তেওঁৰ তিনিটা ঠিকনাত তালাচী অভিযান আৰম্ভ কৰে। ভুৱনেশ্বৰত থকা ফ্লেট, ভদ্ৰাৰ পৈতৃক গৃহ আৰু কটকত থকা তেওঁৰ চেম্বাৰত তালাচী চলোৱা হয়।
তদন্তকাৰীয়ে জনোৱা মতে, ভুৱনেশ্বৰত দেৱব্ৰত মহন্তৰ ফ্লেটত তালাচী চলোৱাৰ সময়ত এটা ট্ৰলী বেগ আৰু এটা আলমাৰীৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, ৪ কোটি নগদ ধন উদ্ধাৰ কৰা হৈছে। অৱশ্যে আৰু অধিক ধন লুকুৱাই ৰখা হ’ব পাৰে বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে। তদুপৰি ১৩০ গ্ৰাম সোণো উদ্ধাৰ কৰা হৈছে।











