
পুত্ৰৰ জীৱন ৰক্ষাৰ বাবে পৰিয়ালটোৱে ৮ লাখ টকা ধাৰ লৈছিল। সেই ধনেৰে পৰিয়ালৰ লোকে মেডিকেল চাৰ্টাৰ্ড বিমান (Air Ambulance crashed) ভাড়া কৰি অগ্নিদগ্ধ যুৱকজনক দিল্লীলৈ (To Delhi) লৈ গৈ আছিল। কিন্তু মাজ আকাশতে সকলো শেষ হৈ যায়। সোমবাৰে সন্ধিয়া ঝাৰখণ্ডৰ চতৰাত (Jharkhand’s Chhotra) বিমানখন দুৰ্ঘটনাগ্ৰস্ত (Plane crashed) হয়। যুৱকজনকে ধৰি বিমানত থকা সাতজন লোকৰ মৃত্যু (Seven people died) হয়।
৪১ বছৰীয়া সঞ্জয় কুমাৰৰ ঘৰ ঝাৰখণ্ডৰ লাতেহাৰ জিলাৰ চান্দৱাত। ঘৰৰ ওচৰতে এখন সৰু হোটেল আছে। ১৬ ফেব্ৰুৱাৰীত শ্বৰ্ট চাৰ্কিটৰ ফলত হোটেলখনত অগ্নিকাণ্ড সংঘটিত হয়। সেই সময়ত সঞ্জয় ভিতৰত আছিল। তেওঁৰ শৰীৰৰ ৬৩ শতাংশ জ্বলি যায়। তেওঁৰ শাৰীৰিক অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিবলৈ ধৰে। ঝাৰখণ্ডৰ বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰিও তেওঁৰ শাৰীৰিক অৱস্থাৰ বিশেষ উন্নতি হোৱা নাছিল। এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালে উন্নত চিকিৎসাৰ আশাত সঞ্জয়ক দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাৰ সিদ্ধান্ত লয়।

সঞ্জয়ৰ ভাতৃ অজয়ে কয় যে আত্মীয়-স্বজন আৰু চিনাকি মানুহৰ পৰা ৮ লাখ টকা সংগ্ৰহ কৰি চাৰ্টাৰ্ড বিমানখন ভাড়াত লোৱা হৈছিল। ‘ৰেডবাৰ্ড এয়াৰৱেজ’ৰ (Redbird Airways) মেডিকেল চাৰ্টাৰ্ড বিমানখন সোমবাৰে সন্ধিয়া ৭.১১ বজাত ৰাঁচীৰ পৰা দিল্লী অভিমুখে ৰাওনা হয়। উৰণৰ পিছত বিমানখনে কলকাতা এ টি চিৰ সৈতে যোগাযোগ কৰে। লগতে বতৰৰ পৰিস্থিতিৰ বাবে পথ সলনি কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ পিছতে সন্ধিয়া ৭.৩৪ বজাত কলকাতা এ টি চিৰ সৈতে বিমানখনে যোগাযোগ হেৰুৱাই পেলায়। কিছু সময়ৰ পাছতে ঝাৰখণ্ডৰ চতৰাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
সঞ্জয়ৰ বাহিৰেও বিমানখনত আছিল তেওঁৰ পত্নী অৰ্চনা দেৱী আৰু আত্মীয় ধ্ৰুৱ কুমাৰ। বিমানখনৰ পাইলট আছিল কেপ্তেইন বিবেক বিকাশ ভগত, সহ-পাইলট হিচাপে আছিল সব্ৰজদীপ সিঙ। বিমানখনত আছিল বিকাশ কুমাৰ গুপ্তা নামৰ এজন চিকিৎসক আৰু শচীন কুমাৰ মিশ্ৰ নামৰ এজন পেৰামেডিকেল কৰ্মী। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা উদ্ধাৰ হোৱা সাতটা মৃতদেহকে মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
বিমানখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৰাঁচী বিমানবন্দৰৰ সঞ্চালক বিনোদ কুমাৰে কয় যে বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু সম্পূৰ্ণ তদন্ত নোহোৱালৈকে নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়। ইতিমধ্যে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হয় তদন্তৰ বাবে তদন্তকাৰী সংস্থা এ এ আই বিৰ এটা দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে।











