
প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ বাবে নতুন ড্ৰোন প্ৰতিৰোধী লেজাৰ অস্ত্ৰ ক্ৰয় (Purchase of laser weapons) কৰিবলৈ গৈ আছে। ‘হেলমা-পি’ (Helma-P) বহুমুখী এণ্টি-ড্ৰোন প্ৰণালী ক্ৰয় কৰাৰ বাবে ফৰাচী প্ৰতিষ্ঠান (French institution) চিলাছ (Cilas)ৰ সৈতে ইতিমধ্যে এক চুক্তি স্বাক্ষৰিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, ‘অপাৰেচন সিন্ধুৰ’ৰ পিছত শত্ৰুৰ ড্ৰোনে আকাশসীমা উলংঘন কৰাত বাধা দিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰে এটা হ’ল থলুৱাভাৱে বিকশিত লেজাৰ আধাৰিত ‘এণ্টি-ড্ৰোন ছিষ্টেম’।
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ দ্বাৰা পৰিচালিত এক শাখা চেণ্টাৰ ফৰ হাই এনাৰ্জী ছিষ্টেম এণ্ড ছায়েন্সে (চিএইচইএছএছ) ইণ্টিগ্ৰেটেড ড্ৰোন ডিটেকচন এণ্ড ইণ্টাৰডাকচন চিষ্টেম (মাৰ্ক-II) সফলতাৰে পৰীক্ষা কৰিছে। কিন্তু থলুৱাভাৱে বিকশিত এণ্টি-ড্ৰোন লেজাৰ অস্ত্ৰৰ বাণিজ্যিক উৎপাদন আৰম্ভ হ’বলৈ আৰু কেইবছৰমান লাগিব।

ইফালে, চাহিদা পূৰণ কৰিবলৈ ফ্ৰান্সৰ পৰা ‘হেলমা পি’ ক্ৰয় কৰা হৈছে। সামৰিক পৰিভাষাত এই শ্ৰেণীৰ অস্ত্ৰক ‘ডাইৰেক্ট এনাৰ্জী অস্ত্ৰ প্ৰণালী’ (DEW) বুলি কোৱা হয়। হেলমাই কেইবা কিলোৱাটৰ লেজাৰ ৰশ্মি ব্যৱহাৰ কৰি শত্ৰুৰ ড্ৰোন ধ্বংস কৰিব পাৰে।
ইয়াৰ পৰিসৰ দুই কিলোমিটাৰতকৈও অধিক। একে সময়তে ‘হেলমা’ত কম উচ্চতাত উৰি থকা শত্ৰু-ড্ৰোন চিনাক্ত কৰিবলৈ সক্ষম এটা ৰাডাৰ আছে আৰু শত্ৰু-ড্ৰোন নিয়ন্ত্ৰণ প্ৰণালী ধ্বংস কৰিবলৈ সক্ষম এক উচ্চ-শক্তিসম্পন্ন জেমাৰ আছে। পৰম্পৰাগত বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ তুলনাত বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ ব্যয় নগণ্য। যোৱা বছৰৰ নৱেম্বৰত এক প্ৰাৰম্ভিক চুক্তিত উপনীত হৈছিল। ১৭ ফেব্ৰুৱাৰীত মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মাজত হোৱা বৈঠকৰ পিছত স্বাক্ষৰিত প্ৰতিৰক্ষা চুক্তিৰ তালিকাত ‘হেলমা’ আছে।











