পশ্চিম কাৰ্বি আংলং : পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তাপাত আৰু খান্দুলি অঞ্চলত পুনৰ আগ্ৰাসন অব্যাহত ৰাখিছে মেঘালয় চৰকাৰে ৷ কাৰ্বি পৰিষদখনৰ অন্তৰ্গত ছচেং আৰু আমেৰং পৰিষদীয় সমষ্টিৰ সীমাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ ভিতৰলৈ সোমাই আহি মেঘালয় চৰকাৰে উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি নিৰ্মাণ কৰা পুখুৰী আৰু গছপুলি ৰোপন কৰা কাৰ্যক তথা আগ্ৰাসী মনোভাৱক সহজভাৱে লব পৰা নাই জিলাখনৰ একাংশ সচেতন ৰাইজে ৷
https://youtu.be/FglaCXRK5Bo
মৃণাল তালুকদাৰ, আৰক্ষী অধীক্ষক, পশ্চিম কাৰ্বি আংলং
শেহতীয়াকৈ তাপাত অঞ্চলত মেঘালয় চৰকাৰে উন্নয়নমূলক আঁচনিৰ নামত পুখুৰী খন্দা আৰু গছপুলি ৰোপন কাৰ্যসূচী হাতত লয় ৷ উক্ত ঘটনাৰ সম্পৰ্কে পলমকৈ হলেও খবৰ পাই পশ্চিম কাৰ্বি আংলং জিলা সীমান্তৰ দায়িত্বত থকা দণ্ডাধীশ ৰবাৰ্ট টলু আৰু হামৰেণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতি আৰু আমৰেং পৰিষদীয় সমষ্টিৰ উন্নয়ন সমিতিৰ সভাপতি আগষ্টিন হাঞ্চেৰ সৈতে এটি সজাতি দল উক্ত স্থানলৈ ৰাওনা হয় ৷ দলটোৱে সমগ্ৰ অঞ্চল পৰ্য্যবেক্ষন কৰাৰ সময়ত মেঘালয়ৰ কোনোলোকক উক্তস্থানত প্ৰত্যক্ষ কৰা দেখা নগ’ল ৷
ইতিমধ্যে, জিলা আৰক্ষী আৰু প্ৰশাসনৰ তৰফৰ পৰা মেঘালয় চৰকাৰৰ সমগ্ৰ উন্নয়নমূলক কাম-কাজ বন্ধ কৰাৰ লগতে পুখুৰীটোও পুতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ভৱিষ্যতে ৰাজ্য চৰকাৰ তথা মেঘালয় চৰকাৰে মিলিত আলোচনাৰে সীমা বিবাদৰ সমস্যা সমূহ সমাধান নকৰিলে ভবিষ্যতে সীমামূৰীয়া অঞ্চলসমূহত পৰিস্থিতি ভয়ানক হোৱাৰ সম্ভাৱনা আছে৷ কিছুদিন পূৰ্বে স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণ সিঙ বে’ৰ নেতৃত্বত পৰিষদৰ এক সঁজাতি দল সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি কিছু উন্নয়নমূলক আঁচনিৰ ঘোষণা কৰাৰ পাছত মেঘালয় চৰকাৰৰ বৰ্তমানৰ এনে কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷