
ভেলেণ্টাইন ডে’ (Valentine Day)ৰ দিনা বিয়লি নয়ডা (Noida)ত এখন গাড়ীৰ পৰা উদ্ধাৰ (Rescue from the car) হয় প্ৰেমিক যুগলৰ গুলীবিদ্ধ মৃতদেহ (Gunshot victim)। দুয়োৰে মূৰত গুলীৰ আঘাত আছিল। প্ৰথম অৱস্থাত যুৱকজনে যুৱতীগৰাকীক গুলীয়াই হত্যা কৰাৰ পিছত আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। নিহত দুজনৰ নাম সুমিত (৩২) আৰু ৰেখা (২৬)। দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
শনিবাৰে বিয়লি নয়দাৰ ১০৭ নং ছেক্টৰৰ দাদ্ৰী ৰোডৰ কাষত বহু সময় ধৰি এখন গাড়ী ৰখাই থোৱা আছিল। এই অঞ্চলটো ছেক্টৰ ৩৯ থানাৰ অন্তৰ্গত। একে ঠাইতে বহু সময় ধৰি গাড়ীখন থিয় হৈ থকা দেখি স্থানীয় ৰাইজৰ সন্দেহৰ সৃষ্টি হয়। থানাত খবৰ দিয়াৰ পিছত আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে তেওঁলোকৰ গুলীবিদ্ধ মৃতদেহ।

গাড়ীখন ভিতৰৰ পৰা বন্ধ আছিল। আৰক্ষী জোৱানসকলে দুৱাৰ খুলি দিয়াৰ পাছত দুয়োৰে মূৰত গুলীলগা প্ৰত্যক্ষ কৰে। সুমিতৰ হাতত এটা পিষ্টলো আছিল। অৱশ্যে দুয়োৰে মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে প্ৰাথমিক তদন্তৰ অন্তত যুৱকজনে আত্মহত্যা কৰিব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সন্দেহ কৰিছে যে সুমিতে প্ৰথমে ৰেখাক গুলীয়াই হত্যা কৰি পিছত নিজৰ ওপৰত গুলীচালনা কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, সুমিতৰ ঘৰ দিল্লীৰ ত্ৰিলোকপুৰী অঞ্চলত। ৰেখা নয়দাৰ ছালাৰপুৰৰ বাসিন্দা। দুয়োৰে পৰিয়ালক এই বিষয়ে অৱগত কৰিছে আৰক্ষীয়ে। একে সময়তে তদন্তকাৰীয়ে সুমিত আৰু ৰেখাৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছিল সেই কথাও জানিবলৈ চেষ্টা চলাইছে। দুয়োটা পৰিয়ালৰ সৈতে কথা পাতি এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে আৰক্ষীয়ে।










