
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Sheikh Hasina)ই বাংলাদেশৰ সংসদীয় নিৰ্বাচন (Bangladesh election)ক ‘প্ৰহসনৰ নিৰ্বাচন’ (Election of Mockery) বুলি অভিহিত কৰে। শুকুৰবাৰৰ নিৰ্বাচনত ভোটাৰৰ ভোটদানৰ হাৰ যথেষ্ট কম (Low voter turnout)। এই কথা উল্লেখ কৰি সামাজিক মাধ্যমত হাছিনাৰ দাবী, ‘প্ৰহসনৰ নিৰ্বাচন প্ৰত্যাখান’ কৰিছে দেশবাসীয়ে। তাৰবাবে আৱামি লীগৰ প্ৰধানগৰাকীয়ে দেশবাসীক ধন্যবাদ জনায়।
বাংলাদেশৰ নিৰ্বাচন আয়োগৰ তথ্য মতে, শুকুৰবাৰে ১২ বজাত সমগ্ৰ দেশৰ ৩২,৭৮৯টা ভোটকেন্দ্ৰত ভোটদানৰ হাৰ ৩২.৮৮ শতাংশ। তেওঁ ফেচবুকত লিখিছে, “অবৈধ আৰু অসাংবিধানিক উপায়েৰে ক্ষমতা দখল কৰিবলৈ ইউনুছ আজিৰ তথাকথিত নিৰ্বাচন মূলতঃ আছিল এক সুপৰিকল্পিত প্ৰহসন।” ভোটাধিকাৰ, গণতান্ত্ৰিক মূল্যবোধ আৰু সাংবিধানিক মনোভাবৰ অভাৱত প্ৰৱঞ্চনামূলক নিৰ্বাচনৰ আয়োজন কৰিছে। হাছিনাই লগতে ভোট ক্ৰয় আৰু ৰিগিঙৰ অভিযোগো উত্থাপন কৰে।
আনহাতে, নিৰ্বাচনী হিংসাৰ অভিযোগো উত্থাপন কৰে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাই লিখিছে, “এই প্ৰহসন আৰম্ভ হৈছিল ভোটগ্ৰহণ কেন্দ্ৰ বেদখল, গুলীচালনা, ভোট ক্ৰয়ৰ ধন, বেলট পেপাৰৰ খেলিমেলি আৰু ১১ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পিছত ফলাফল জনা এজেণ্টৰ পৰা চহী কৰাৰ পিছত।” সমগ্ৰ দেশৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ ভোটদানৰ হাৰ নগণ্য আছিল। ৰাজধানী ঢাকাকে ধৰি দেশৰ অন্যান্য প্ৰান্তৰ বহু ভোটকেন্দ্ৰতো ভোটাৰৰ ভিৰ নাছিল।

এইবাৰ বাংলাদেশৰ নিৰ্বাচনত হাছিনাৰ দল আৱামি লীগে (Awami League) অংশগ্ৰহণ কৰিব পৰা নাই। তেওঁ লগতে লিখিছে, “আৱামি লীগে এই ভোট বৰ্জন কৰি পলম নকৰাকৈ নাকচ কৰিলে।” হাছিনাই নিজৰ পোষ্টত লিখিছে যে নিৰ্বাচন আয়োগৰ বিবৃতি অনুসৰি, শুকুৰবাৰে পুৱা ১১.৩০ বজালৈকে ভোটাৰৰ হাৰ মাত্ৰ ১৪.৯৬ শতাংশ। হাছিনাৰ মতে এই ভোটদানৰ মূল সময়ত জনসাধাৰণৰ অংশগ্ৰহণ কম হোৱাটোৱে ভোট অস্বীকাৰ হোৱাৰ প্ৰমাণ।
আনহাতে, আৱামি লীগৰ কৰ্মী আৰু সমৰ্থকক বলপূৰ্বকভাৱে ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ যোৱা বুলিও অভিযোগ উত্থাপন কৰে হাছিনাই। এই কাৰ্যত তেওঁলোকে ভয় খাইছিল, তেওঁলোকক আক্ৰমণ কৰা বুলিও অভিযোগ কৰে।
আৱামি লীগৰ এজন নেতাই কয়, “নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি শুকুৰবাৰে ১১.৩০ বজাত ১৪.৯৬ শতাংশ ভোটদান হৈছে। পৰৱৰ্তী এঘণ্টাত ভোটগ্ৰহণৰ হাৰ ৩২.৮৮ শতাংশলৈ বৃদ্ধি পায়। এইটো অস্বাভাৱিক। বাংলাদেশত ভোটদানৰ ইতিহাসত ১১ বজাৰ আগতে ভোটদানৰ হাৰ সৰ্বাধিক।”
আনহাতে, এই ভোটদানক লৈ বি এন পিয়েও উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে দাবী কৰে যে সকলোতে ভোটাৰৰ ভোটদানৰ হাৰ যথেষ্ট কম। ঢাকাকে ধৰি তিনিটা বিভাগত ভোটদানৰ হাৰক লৈ তেওঁলোকে পৃথকে পৃথকে উদ্বেগ প্ৰকাশ কৰিছে। দলটোৱে এক বিবৃতিত কয় যে সমগ্ৰ দেশৰ ভোটকেন্দ্ৰসমূহত ভোটাৰৰ ভোটদানৰ হাৰ যথেষ্ট কম। এনে পৰিস্থিতি তেওঁলোকৰ বাবে ভাল নহয় বুলিও কয়। যিমানেই বেছি মানুহে ভোট দিব সিমানেই তেওঁলোকৰ ভোট বৃদ্ধি পাব বুলি উল্লেখ কৰে। ইফালে এইবাৰ ভোটদানৰ হাৰক লৈ অন্তৱৰ্তীকালীন চৰকাৰখনলৈ আঙুলি টোঁৱাই হাছিনায়ো।











